Advertisment

শীঘ্ৰে কামৰূপ মহানগৰ প্ৰশাসনে বন্ধ কৰিব এন পি এছ ইণ্টাৰনেচনেল স্কুল…

শীঘ্ৰে কামৰূপ মহানগৰ প্ৰশাসনে বন্ধ কৰিব এন পি এছ ইণ্টাৰনেচনেল স্কুল…

author-image
asomiyapratidin
New Update
শীঘ্ৰে কামৰূপ মহানগৰ প্ৰশাসনে বন্ধ কৰিব এন পি এছ ইণ্টাৰনেচনেল স্কুল…

ডিজিটেল ডেস্কঃ বন্ধ হ'ব গুৱাহাটী মহানগৰৰ অভিজাত বিদ্যালয় এন পি এছ ইণ্টাৰনেচনেল স্কুল। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এই অভিজাত বিদ্যালয়খন আইক্ৰ'কণ্টেইমেণ্ট জ'ন হিচাপে ঘোষণা কৰি পবন্ধ কৰিব। এই বিষয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই জানিবলৈ দিছে। অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ হৈছিল কিদৰে এন পি এছ ইণ্টাৰনেচনেল স্কুলে ছাত্ৰ-ছাত্ৰীৰ দেহত কোভিড-১৯ ধৰা পৰাৰ বিষয়ে গোপনে ৰাখিছিল।

Advertisment

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ এন পি এছ ইণ্টাৰনেচনেল স্কুলৰ ছাত্ৰ-ছাত্ৰী কোৰোনাত সংক্ৰমণ হৈছে যদিও এই ঘটনা গোপনে ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষই। স্কুলখনত এতিয়ালৈকে ১৩গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯। হোষ্টেলত থকা এই ছাত্ৰ-ছাত্ৰীসকলৰ দেহত কোভিড-১৯ সংক্ৰমণ হোৱাৰ পাছতো বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গোপনে ৰখাৰ চেষ্টা কৰে।

বিদ্যালয়ৰ এগৰাকী ছাত্ৰক হস্পাতালত ভৰ্তি কৰিব লগীয়া হোৱাৰ পাছত স্বাস্থ্য বিভাগৰ লোকে কোভিড পৰীক্ষা কৰাত এতিয়ালৈকে ১৩গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড-১৯ৰ সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহে। কিন্তু বিদ্যালয়খনৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক এই ঘটনাৰ সন্দৰ্ভত মুখ নুখুলিবলৈ সকিয়নী প্ৰদান কৰে।

এনে পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ আৰু অধিক ছাত্ৰ-ছাত্ৰী কোভিড-১৯ সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে। আনহাতে বিদ্যালয়খনত কোভিড প্ৰটকল অনুসৰি প্ৰশাসনে মাইক্ৰ কন্টেইনমেন্ট জ'ন ঘোষণা নকৰাত আন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-অভিভাৱকসকলো আতংকিত হৈ পৰিছে।

আনহাতে গীতানগৰৰ এখন বিদ্যালয়তো অনুৰূপধৰণে ছাত্ৰ-ছাত্ৰীৰ কোভিড সংক্ৰমণৰ তথ্য কৰ্তৃপক্ষই গোপন কৰি ৰাখিছে। এন পি এছ ইন্টাৰনেচনেল স্কুলত প্ৰায় ১২০০ শিক্ষাৰ্থী আছে। ইয়াৰে ৪০০শিক্ষাৰ্থী থাকে হোষ্টেলত।