/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
ডিজিটেল ডেস্কঃ প্ৰশাসনৰ নিৰ্দেশ নামানে এনপিএছ ইন্টাৰনেশ্যনেলে। কোভিডত ১৬জনকৈ ছাত্ৰ আক্ৰান্ত হোৱাৰ পাছত মাইক্ৰ'কন্টেইমেন্ট জ'ন ঘোষণা কৰিছিল কামৰূপ মহানগৰ প্ৰশাসনে। কোভিড প্ৰট'কল অনুসৰি বিদ্যালয়খনত নিয়মীয়া পাঠদান বন্ধ হ'ব লাগে, কিন্তু বিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে বিপৰীত নিৰ্দেশ।
আৰু পঢ়কঃ মহানগৰীৰ উৰণীয়া সেতুৰ পৰা আঁতৰাব লাগিব পোষ্টাৰ-হৰ্ডিং-বেনাৰ, প্ৰশাসনৰ নিৰ্দেশ…
শিক্ষক সকলক আহিবলৈ দিয়া হৈছে বিদ্যালয়লৈ। বিদ্যালয়ৰ স্কুল বাছে শিক্ষক সকলক আনিব অনলাইন ক্লাছৰ বাবে। এই নিৰ্দেশ জাৰি কৰিছে এনপিএছ ইন্টাৰনেশ্যনেলে। ইয়াকে লৈ শংকিত এনপিএছৰ শিক্ষক-শিক্ষয়িত্ৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/nnn-naraynpur-prmdalnbl-735x1024.jpg)
নিয়ম অনুসৰি মাইক্ৰ' কন্টেইনমেন্ট জ'ন ঘোষণা কৰিলে নিয়মীয়া পাঠদান বন্ধ থাকে, শিক্ষক-শিক্ষাৰ্থী সকলোৱে আহিব নালাগে বিদ্যালয়লৈ। প্রথমে কোভিড সংক্ৰমণৰ তথ্য লুকুৱাবলৈ চেষ্টা কৰিছিল এনপিএছ কৰ্তৃপক্ষই। তাৰপাছত শিক্ষকসকলক উদ্দেশ্যি দিয়া এই নিৰ্দেশে কোভিড প্ৰট'কল ভংগ কৰিছে।
কামৰূপ মহানগৰ প্রশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া হ'ব লক্ষণীয়। মাইক্ৰ' কন্টেইমেন্ট জ'ন ঘোষণা কৰাৰ পাছতো কেনেকৈ নিয়মিত বিদ্যালয়লৈ শিক্ষক সকলে আহ-যাহ কৰিব সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। ১৬জনকৈ ছাত্ৰ-ছাত্ৰী ইতিমধ্যে সংক্ৰমণমুক্ত হৈছে।
বিদ্যালয়খনত আছে ১২০০তকৈ অধিক শিক্ষাৰ্থী। বেছি সংখ্যকে কৰা হোৱা নাই এতিয়ালৈ কোভিড টেষ্ট। কোভিড সংক্ৰমণৰ তথ্য গোপনে ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষই। সমগ্ৰ ঘটনাক লৈ উদ্বিগ্ন অভিভাৱক সমাজ।