অৰুণাচলত অসমীয়া ভাষা শিক্ষণ কেন্দ্ৰ স্থাপন সন্দৰ্ভত নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

আজি আছামিজ এছ’চিয়েছন ইটানগৰে নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ৰ সৈতে অসমীয়া ভাষা শিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে আনুষ্ঠানিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অৰুণাচলত অসমীয়া ভাষা শিক্ষণ কেন্দ্ৰ স্থাপন সন্দৰ্ভত নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ ইটানগৰস্থিত অসমীয়া সমাজখনে লক্ষীমপুৰ মহাবিদ্যালয়(বিশ্ববিদ্যালয়লৈ উন্নীত)ৰ যুটীয়া প্ৰচেষ্টাত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আজি আছামিজ এছ’চিয়েছন ইটানগৰে নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ৰ সৈতে অসমীয়া ভাষা শিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে আনুষ্ঠানিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

Advertisment

উল্লেখ্য যে, অৰুণাচল প্ৰদেশত বাস কৰি থকা অসমীয়া লোকসকলে ৰাজ্যখনত অসমীয়া মাধ্যমত শিক্ষা লাভৰ সুযোগ নথকাৰ বাবে মাতৃভাষাৰ শিক্ষা আহৰণৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল। সেয়ে ২০২৩ চনত ইটানগৰত গঠন হোৱা আছামিজ এছ’চিয়েছন ইটানগৰে মাতৃ ভাষাৰ শিক্ষা গ্ৰহণৰ বাট মুকলি কৰাৰ উদ্দেশ্যে এক হস্ৰকালীন অসমীয়া  ভাষা শিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰে।

সেই প্ৰস্তুতিৰ অংশ হিচাপেই তেওঁলোকে যোগাযোগ কৰে নৰ্থ লক্ষীমপুৰ কলেজ (তেতিয়াৰ স্বায়ত্ব শাসিত আৰু এতিয়া বিশ্ববিদ্যালয়লৈ উন্নীত)ৰ সৈতে। এই বিষয়ত আছামিজ এছ’চিয়েছন ইটানগৰে নৰ্থ লক্ষীমপুৰ কলেজ কৰ্তৃপক্ষৰ সৈতে কেইবালানি আলোচনা অনুষ্ঠিত হয়।

এই আলোচনাৰ পাছতে নৰ্থ লক্ষীমপুৰ কলেজ কৰ্তৃপক্ষই বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি একাডেমিক কাউন্সিলৰ অনুমোদন সাপেক্ষে অসমীয়া ভাষা শিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে সন্মতি প্ৰদান কৰে আৰু অসমীয়া ভাষা শিক্ষণ কেন্দ্ৰ স্থাপনৰ যাৱতীয় প্ৰাৰম্ভিক কামো সম্পূৰ্ণ কৰে। সেই অনুসৰিয়েই আজি দিনৰ ১১ বজাত নৰ্থ লক্ষীমপুৰ কলেজৰ সৈতে অসমীয়া ভাষা শিক্ষণ কেন্দ্ৰ স্থাপনৰ আনুষ্ঠানিক বুজা-বুজিৰ চুক্তি স্বাক্ষৰ কৰে আছামিজ এছ’চিয়েছন ইটানগৰে।

প্ৰাৰম্ভিকভাৱে অৰুণাচল প্ৰদেশ লিটাৰেৰি ছ’চাইটিৰ কাৰ্যালয়ত অস্থায়ীভাৱে এই হস্ৰকালিন পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব। অসম আৰু অসমীয়া ভাষাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমীয়া ভাষা শিক্ষাৰ আনুষ্ঠানিক হস্ৰকালীন পাঠ্যক্ৰম আৰম্ভ কৰা এই পদক্ষেপে অৰুণাচলত বাস কৰা অসমীয়াভাষী লোকসকলৰ বাবেই নহয়, সামগ্ৰীকভাৱে অসমীয়া ভাষাৰ প্ৰতি এক আশাৰ সঞ্চাৰ কৰিছে।

অসমীয়া ভাষা শিক্ষাৰ প্ৰতি একাংশৰ বিৰাগ জন্মাৰ সময়তে আছামিজ এছ’চিয়েছন ইটানগৰে দেখুওৱা এই আগ্ৰহে বিশেষ তাৎপৰ্য বহন কৰিছে। আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ সময়ত উপস্থিত থাকে নৰ্থ লক্ষীমপুৰ কলেজৰ অধ্যক্ষ ড০ বিমান চেতীয়া, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ অৰবিন্দ ৰাজখোৱাকে ধৰি কলেজ কৰ্তৃপক্ষৰ বহু কেইজন লোক।

আনহাতে আছামিজ এছ’চিয়েছন ইটানগৰৰ হৈ উপস্থিত থাকে সভাপতি পৰমা চুতীয়া, সাধাৰণ সম্পাদক মুকুল পাঠক, কোষাধ্যক্ষ ৰূপজ্যোতি কোঁৱৰ, সহকাৰী সম্পাদক অৰূপজ্যোতি বৰা, দুই সদস্য ক্ৰমে গোলাপ কাকতি আৰু প্ৰদীপ হাজৰিকা।

ইফালে নৰ্থ লক্ষীমপুৰ কলেজত চলি থকা সপ্তম সংখ্যক উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ গ্ৰন্থমেলাত উদ্বোধক হিচাপে উপস্থিত থকা অসম আৰু অৰুণাচলবাসীৰ মাজত সমন্বয়ৰ সাঁকো হিচাপে কাম কৰি অহা, অসমীয়া ভাষাৰ সাহিত্য চৰ্চাৰে অসমীয়া ভাষা, সাহিত্যক সমৃদ্ধ কৰা প্ৰখ্যাত সাহিত্যিক য়েচে দৰজে ঠংছিও আজিৰ এই বুজাবুজিৰ চুক্তিৰ সাক্ষী হৈ ৰয়।

তেওঁ এই প্ৰচেষ্টাক শলাগ লৈ কয়, অৰুণাচলত বাস কৰি থকা অসমীয়া মানুহেই নহয়, অৰুণাচলী মানুহেও বহু সময়ত অসমীয়া ভাষা শিকিবলৈ আমাৰ আগত আগ্ৰহ প্ৰকাশ কৰে। পূৰ্বে অৰুণাচলত অসমীয়া ভাষাতেই কথাবতৰা চলিছিল। বিভিন্ন কাৰণত এতিয়া সেই পৰিবেশ নাই। অৰুণাচলত বাস কৰা অসমসীয়া মানুহখিনিৰ ল’ৰা-ছোৱালীয়ে অসমীয়া ভাষাৰ শিক্ষা লোৱাৰ সুবিধা পোৱা নাছিল। এতিয়া তেওঁলোকে অসমীয়া ভাষা শিকিব পাৰিব। ইফালে উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ে নিজাকৈ গ্ৰন্থ মেলা আয়োজন কৰাৰ এই প্ৰচেষ্টাকো তেওঁ শলাগ লয়।  
 

ইটানগৰ