এতিয়াৰে পৰা ৰাজকোষত জমা ৰাখিব নোৱাৰিব পুঁজি, ৰাজ্য চৰকাৰৰ পৰা বিত্তীয় ক্ষমতা কৰ্তন কেন্দ্ৰৰ…

এতিয়াৰে পৰা ৰাজকোষত জমা ৰাখিব নোৱাৰিব পুঁজি, ৰাজ্য চৰকাৰৰ পৰা বিত্তীয় ক্ষমতা কৰ্তন কেন্দ্ৰৰ…

author-image
asomiyapratidin
New Update
এতিয়াৰে পৰা ৰাজকোষত জমা ৰাখিব নোৱাৰিব পুঁজি, ৰাজ্য চৰকাৰৰ পৰা বিত্তীয় ক্ষমতা কৰ্তন কেন্দ্ৰৰ…

ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰ সমূহক কেন্দ্ৰই ৰাজ্যৰ ক্ষমতা হস্তান্তৰ কৰাৰ কথা উল্লেখ কৰাৰ পাছত এতিয়া কেন্দ্ৰই নিজেই অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ পৰা ক্ষমতা কৰ্তন কৰি নিজৰ হাতলৈ হস্তান্তৰ কৰাত তৎপৰ হৈ পৰিছে। উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ শেহতীয়া নিৰ্দেশত এই কথা জানিবলৈ পোৱা গৈছে।

এই নিৰ্দেশনাৰ জৰিয়তে কেন্দ্ৰীয় খণ্ডৰ বিশেষকৈ উত্তৰ-পূব পৰিষদ, এন এল চি পি আৰ, এন ই এছ আই ডি এছ আঁচনিৰ পুঁজি আু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আদিৰ আৰ্থিক পেকেজৰ ধন ৰাজ্য চৰকাৰে নিজে নাৰাখি উত্তৰ-পূব উন্নয়ন বিত্ত নিগম লিমিটেড অৰ্থাৎ নেডফিৰ হাতত গতাই দিব লাগিব।

উল্লেখ্য যে কেন্দ্ৰীয় উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ে নেডফিক কেন্দ্ৰীয় নডেল সংস্থা হিচাপে মান্যতা প্ৰদান কৰিছে। ২৩ জুলাইত কেন্দ্ৰীয় চৰকাৰৰ ড'নাৰ মন্ত্ৰ্যালয়ে জাৰি কৰা অধিসূচনা অসম চৰকাৰে মানি লৈছে। কেন্দ্ৰৰ এই অধিসূচনাৰ ভিত্তিত ৰাজ্যৰ বিত্ত (বাজেট) বিভাগে এখন অফিচ মেম'ৰেণ্ডাম জাৰি কৰি কেন্দ্ৰৰ নিয়ম মানি লোৱাৰ লগতে নেডফিলৈ পোনপটীয়াকৈ পুঁজি মোকলাই দিয়াৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে ড'নাৰ মন্ত্ৰ্যালয়ৰ অধীনস্থ আঁচনিৰ ধন ৰাজ্যচৰকাৰৰ ৰাজকোষত জমা হৈছিল। আনহাতে, ড'নাৰ মন্ত্ৰ্যালয়ৰ জড়িয়তে নিয়মীয়া বাজেট ব্যাৱস্থাপনাৰ ভিত্তিত বিভিন্ন শিতানৰ পুঁজি ৰাজ্য চৰকাৰৰ নামত জমা হ'লেও সেই ধন পূৰ্বৰ দৰে ৰাজকোষত ৰখা বা বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰিব নোৱাৰিব।

আৰু পঢ়ক : "এছএছএলভি-ডি১/ইঅ'এছ-০২ উপগ্ৰহ উৎক্ষেপণৰ কাউন্টডাউন আৰম্ভ …

assam himanta biswa sarma bjp