North East Olympic - 2024”ত স্বৰ্ণ বিজয়ী পাহি স্বগৃহত উপস্থিত...

North East Olympic - 2024”ত স্বৰ্ণ বিজয়ী পাহি স্বগৃহত উপস্থিত...

ডিজিটেল সংবাদ , বঢ়মপুৰঃ স্বৰ্ণ বিজয়ী হৈ যোৱা নিশা স্বগৃহলৈ ওভতি আহিল পাহি কেওঁট ৷ নাগালেণ্ডত অনুষ্ঠিত হোৱা “ North East Olympic - 2024” ৰ স্বৰ্ণ বিজয়ী পাহি কেঁওট ৷ মহিলাৰ দৌৰ প্ৰতিযোগিতাত ৪:৫৩.০৩ চেকেণ্ডত ১৫০০ মিটাৰ অতিক্ৰম কৰি নগাঁৱৰ এই গৰাকী অসম কন্যাই লাভ কৰিলে স্বৰ্ণ পদক আৰু মানপত্ৰ ৷ আঠখন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা খেলখনত নগাঁও জিলাৰ উৰিয়াগাঁৱৰ জীয়ৰী “অসম পাহি”ৰ এই সাফল্যই কঢ়িয়াইছে ভৱিষ্যতৰ বতৰা ৷

উৰুখা পজাত নিজৰ মাজতেই আজি অনুভৱ কৰিছে প্ৰাপ্তিৰ আনন্দ ৷ আজিৰ এই আনন্দৰ মুহুৰ্তত দুজনমান সাংবাদিক আৰু কলং পৰীয়া শাখা সাহিত্য সভাৰ দুজনমান শুভাকাংক্ষীক বাদ দি শুভেচ্ছা এটি জনাবলৈকো নাই তেওঁৰ কাষত এজনো জনপ্ৰতিনিধি ৷ চৰকাৰৰ পৰা পোৱা পুৰণিকলীয়া তেওঁলোকৰ ভগ্নপ্ৰায় বাসগৃহটোত নাই অকনমান আচুতীয়া আৰু নিৰাপদ ঠাই ৷

য’ত তেওঁ থ’ব পাৰে , একাগ্ৰতা, সাধনা আৰু স্ব প্ৰতিভাৰ বলত আঁজুৰি অনা জাপ জাপ প্ৰমাণপত্ৰ আৰু মেডেলবোৰ ৷ তেওঁ আশা কৰে— জিলা প্ৰশাসন অথবা কোনো হৃদয়বান জনপ্ৰতিনিধিৰ অনুকম্পা ; যাতে কষ্ট নোহোৱাকৈ অব্যাহত ৰাখিব পাৰে নিৰৱধি সাধনা ৷ বুকুত এবুকু আশা — আজি নাই , কালিলৈ হ’ব ৷ দৌৰি দৌৰিয়েই বিশ্ব দৰৱাৰত প্ৰতিষ্ঠিত হ’বলৈ পাহিয়ে প্ৰতিদিনে কৰি গৈছে কঠোৰ অনুশীলন ৷ দিনহাজিৰা কৰি দুবেলাদুমুঠি যোগাৰ কৰা পিতৃ-মাতৃৰো আশা, জীয়াৰীৰ সপোন পুৰ হ’ব ৷ ভিতৰুৱা গাওঁখনৰ পৰা গৈ অসমৰ মান উজ্বলাব আৰু বিশ্বৰ বুকুত এটি চিনাকি নাম হ’ব “পাহি” ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in