উত্তৰ কাছাৰৰ পৰিষদীয় নিৰ্বাচনঃ বিজেপিৰ নেতা, কৰ্মীয়ে হোৰাহোৰে এৰিছে দল...

উত্তৰ কাছাৰৰ পৰিষদীয় নিৰ্বাচনঃ বিজেপিৰ নেতা, কৰ্মীয়ে হোৰাহোৰে এৰিছে দল...

ডিজিটেল সংবাদ হাফলংঃ ৮ জানুৱাৰীত অনুষ্ঠিত হ'ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ত্ৰয়োদশ নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচনৰ বাবে কংগ্ৰেছ, বিজেপি, আপ আদি ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

কংগ্ৰেছ আৰু বিজেপিয়ে আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে আপে ৫ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু বাকী কেইখন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহী ব্যক্তিৰ পৰা আৱেদন আহ্বান কৰিছে। বিজেপিয়ে এই নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসমূহক টিকট দিয়া আৰম্ভ কৰাৰ লগে লগে দেখা দিছে বহুতৰ মাজত অসন্তুষ্টি।

বিশেষকৈ হাতীখালি, লাংটিং, মাইবং (পূব), ৱাজাও, চেমখোৰ, হাফলংকে ধৰি বহু সমষ্টিত স্থানীয় লোকক প্ৰাৰ্থী হিচাপে টিকত প্ৰদান নকৰা বিষয়টোও বিজেপি কৰ্মীসকলৰ মাজত অসন্তুষ্টিৰ কাৰক হৈ পৰিছে।

যাৰ বাবে বহু প্ৰাৰ্থীত্ব প্ৰত্যাক্ষিয়ে বিজেপি ত্যাগ কৰাৰ লগতে তেওঁলোকৰ অনুগতসকলেও বিজেপি ত্যাগ কৰিছে। এই মুহূৰ্তলৈকে বিজেপি ত্যাগ কৰা তেনে একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাক্ষি ক্ৰমে বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰিপা হোজাই, পূৰ্বৰ ই এম বিজিত লাংথাছা, জয়দেশ ফংল, পূৰ্বৰ ই এম গোলোঞ্জো থাওচেন, জয়ছোৰাজ গাৰ্লোছা।

ইফালে উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰে জড়িত হৈ কাৰাগাৰত জীৱনৰ এচোৱা পাৰ কৰাৰ পাছত ন্যায়ালয়ত নিৰ্দোষী হিচাপে প্ৰমাণিত হৈ মুকলি আকাশৰ তললৈ আহিয়েই বিজেপিত যোগদান কৰা নীৰঞ্জন হোজাইক টিকত দিয়াক লৈ অসন্তুষ্ট হৈ পৰিছে দলীয় কৰ্মীসকল।

অৱশ্যে তেওঁৰ গৃহ পৰিষদীয় সমষ্টি দিয়ুংব্ৰাৰ পৰা টিকট দিব বুলি আশা কৰিছিল যদিও হাতীখালিৰ পৰাহে টিকট প্ৰদান কৰাত এইসকল লোকে অসন্তুষ্ট হৈ পৰিছে। ফলত তেওঁৰ সমৰ্থকসকলে বিজেপি ত্যাগ কৰি কংগ্ৰেছ আৰু আপৰ ফালে ধাবমান হৈছে।

ইফালে হাতীখালিত নিৰঞ্জন হোজাইক টিকত প্ৰদান কৰাত এই পৰিষদীয় সমষ্টিৰ বিজেপিৰ সমৰ্থকসকলো অসন্তুষ্ট হৈছে। ফলত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰিছে।

মাইবং (পশ্চিম) পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাক্ষি আছিল বিজেপি নেতা তথা পূৰ্বৰ ই এম বিজিত লাংথাছা। কিন্তু এইবাৰ তেওঁক টিকত প্ৰদান নকৰাত বিজেপি ত্যাগ কৰিছে আৰু নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে।

এই সমষ্টিত এইবাৰ বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিছে মোহিত হোজাইয়ে। এইগৰাকী মোহিত হোজায়েই আকৌ ইয়াৰ পূৰ্বৰ নিৰ্বাচনত নিৰ্দলীয়ভাৱে এই একেটা সমষ্টিত বিজিত লাংথাছাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল।

 লেংটিং পৰিষদীয় সমষ্টিত, বিজেপি সদস্য তথা প্ৰাক্তন ই এম গোলঞ্জয় থাওছেনক এইবাৰ টিকত প্ৰদান নকৰাত তেওঁ বিজেপি ত্যাগ কৰি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰিব। তেওঁৰ স্থানত বিজেপিয়ে এইবাৰ টিকত দিছে ধৃতি থাওছেনক।

এই সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰাক্তন শিক্ষক তথা জনপ্ৰিয় সামাজিক কৰ্মী ৰাজমোহন আৰ্দাও। ৱাজাও সমষ্টিতো বিজেপিৰ টিকটৰ পৰা বঞ্চিত নেতাগৰাকীয়ে নিৰ্দলীয়ভাৱে মনোনয়ন দাখিল কৰিছে।

এই সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিশ্বজিৎ দাওলাগুপুক। সেইদৰে চেমখোৰ সমষ্টিত, বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈছে হেৰোজিত জীদুং। তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰিব।

মাহুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাক্ষী ৰাহুল নাইডিঙেও প্ৰাৰ্থীত্ব নাপায় দল ত্যাগ কৰিছে। তেওঁৰ স্থানত দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে প্ৰবিতা বাথাৰীক। ৰাহুল নাইডিঙেও নিৰ্দলীয়ভাৱেই প্ৰতিদ্বন্দিতা আগবঢ়াব।

অতি গুৰুত্বপূৰ্ণ হাফলঙ সমষ্টিত প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈছে বিজেপিৰ যুৱ মৰ্চাৰ সভানেত্ৰী ৰিপা হোজাই। তেওঁ ইতিমধ্যে দলৰ পৰা পদত্যাগ কৰিছে। এই সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মায়ানন কেম্পৰাই আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ডেনিয়েল লাংথাছাই প্ৰতিদ্বন্দিতা কৰিছে।

ইফালে ডিমা হাচাও জিলা কংগ্ৰেছ সমিতিৰ সভাপতি সমৰজিৎ হাফলংবাৰে দাওতুহাজা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। নতুন মুখ হিচাপে, প্ৰনাথ ৰাজীয়ুঙক প্ৰাক্তন ই এম নেপোলাল হোজাইৰ পৰিৱৰ্তে সমষ্টিটোত বিজেপিৰ টিকট দিয়া হৈছে।

এইদৰেই এতিয়া উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। প্ৰায়বোৰ সমষ্টিতে দেখা দিছে প্ৰাৰ্থীত্ব প্ৰত্যাক্ষী আৰু দলীয় কৰ্মীৰ মাজত অসন্তুষ্টি। এনে অসন্তুষ্টিয়েই হয়তো দলটোৰ বাবে হ’ব পাৰে বিপদ। অৱশ্যে কংগ্ৰেছকে ধৰি আন দলসমূহে এই সুযোগক কিদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়।

উত্তৰ কাছাৰৰ পৰিষদীয় নিৰ্বাচনঃ বিজেপিৰ নেতা, কৰ্মীয়ে হোৰাহোৰে এৰিছে দল...
হায় গণতন্ত্ৰ ! লোকসভাত বিৰোধীয়ে নোৱাৰে, অমিত শ্বাহে যি ইচ্ছা তাকেই কৰিব পাৰে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in