চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা নুৰ মহম্মদক প্ৰয়োজন হৈছে অলপ সহায়ৰ...

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা নুৰ মহম্মদক প্ৰয়োজন হৈছে অলপ সহায়ৰ...

ডিজিটেল সংবাদ, কঠিয়াতলীঃ নগাওঁ জিলাৰ কঠীয়াতলী নামবৰ লালুং গাওঁ নিবাসী নুৰ মহম্মদ খা নামৰ এজন বাতৰি কাকত বিতৰকে সুদীৰ্ঘ ১৬ টা বছৰ অঞ্চলটোৰ লোকসকলক মাজত বাতৰি কাকত বিতৰণ কৰি আহিছে । উল্লেখ্য যে যোৱা কিছুবছৰ পূৰ্বে সংঘটিত হোৱা এটা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় লোকজন। তথাপিও ৰুগ্ন দেহাৰে এখন ই-ৰিক্সাৰ জড়িয়তে জাৰ,জহ,ৰ'দ, বৰষুণ নেওঁচি কাহিলী পুৱাতে তেওঁ ওলাই আহে বাতৰি কাকত বিতৰনৰ বাবে। শাৰিৰীক ভাবে অসুস্থ এইজন লোকে চিকিৎসাৰ নামত বহু টকা খৰচ কৰিলে যদিও আৰ্থিক অনাটনৰ বাবে উন্নত মানৰ চিকিৎসাৰ পৰা বঞ্চিত হৈ আহিছে ।

ভঙা পজাৰ মাজতে এতিয়া জীৱন নিবাহ কৰা এই নুৰ মহম্মদে বিচাৰিছে এটা চৰকাৰী আৱাস গৃহ ।যোৱা দুদিন পূৰ্বে ব্যক্তিজনৰ এই কৰ্মৰ প্ৰতি আকৃষ্ট হৈ কঠীয়াতলী প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বিপুল সৰ্মদ্ধনা জনোৱা হৈছিল । বৰ্তমান সময়ত তেওঁ এতিয়া অসহায়।বিচাৰিছে চৰকাৰ তথা ৰাইজৰ পৰা অলপমান সহায়।

চৰকাৰ তথা ৰাইজৰ অলপমান সহায়ে এই লোকজনক কিছু পৰিমানে সকাহ দিব।যদি কোনো সদাশয় ব্যক্তিয়ে এই লোক জনক আৰ্থিকভাবে সহায় কৰিব বিচাৰিলে তেওঁৰ নিজা বেংক একাউন্টত দিব পাৰিব অথবা ফোন নং ত যোগাযোগ কৰিব পাৰিব।

NUR MOHMMAD KHA, A/C NO..3417852022

IFSC. . .CBINO283223

C.B.I.KATHIATOLI . BRANCH

PH. 8011782451.

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা নুৰ মহম্মদক প্ৰয়োজন হৈছে অলপ সহায়ৰ...
গহপুৰত মহকুমাধিপতি লুকুমণি বৰাৰ সংবাদমেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in