৪৫৫ বছৰ পিছত দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত ন-খোৱা উৎসৱ

৪৫৫ বছৰ পিছত দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত নতুন কৈ সংযোজন হ'ল ন-খোৱা উৎসৱ ৷দেওবাৰে সত্ৰৰ বাকৰিত বিভিন্ন কৃষ্টি প্ৰদৰ্শনৰে শুভাৰম্ভ কৰা হয় ন-খোৱা উৎসৱৰ ৷
৪৫৫ বছৰ পিছত দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত ন-খোৱা উৎসৱ

ডিজিটেল সংবাদ,মঙলদৈ: ৪৫৫ বছৰ পিছত দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত নতুন কৈ সংযোজন হ'ল ন-খোৱা উৎসৱ ৷দেওবাৰে সত্ৰৰ বাকৰিত বিভিন্ন কৃষ্টি প্ৰদৰ্শনৰে শুভাৰম্ভ কৰা হয় ন-খোৱা উৎসৱৰ ৷

এই ন-খোৱা উৎসৱত উপস্থিত থাকে মঙলদৈৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী ৷ ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া ৷অসম চৰকাৰৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী ড° জয়নাথ শৰ্মা ৷ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী ৷

খটৰা সত্ৰৰ ন-খোৱা উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তৰে উদুলিমুদুলি পৰিবেশৰ সৃষ্টি হয় সত্ৰ প্ৰাঙ্গন ৷ এতিয়াৰে পৰা প্ৰতিবছৰে খটৰা সত্ৰত পালন কৰা হব পৰাম্পৰাগত ন-খোৱা উৎসৱ ৷

আৰু পঢ়ক: বকো সাহিত্য সভাৰ ৬২ সংখ্যক বাৰ্ষিক পূৰ্নাঙ্গ অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in