/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/aasunh.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: "সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্যৰ উদ্যোগত ৰাজ্যত অচিৰেই গঠিত হ'ব আন এটি অৰাজনৈতিক সংগঠনৰ । ইতিমধ্যে জিলাই জিলাই আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ সভা অনুষ্ঠিত হৈছে আৰু জিলাভিত্তিক এখনকৈ কমিটি গঠিত হৈছে। বাকী থকা জিলাকেইখনতো প্ৰাক্তন সতীৰ্থ সন্মিলন অনুষ্ঠিত হ'ব আৰু এখনকৈ কমিটি গঠিত হ'ব । ইয়াৰ পিছতে গুৱাহাটীত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু প্ৰতিনিধি সভাৰ পিছতে জাতীয় অভিবৰ্তন অনুষ্ঠিত কৰি নতুন অৰাজনৈতিক সংগঠনৰ জন্ম দিয়া হ'ব" -এই মন্তব্য কৰে প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায় আৰু প্ৰবীণ বড়োৱে ।
কোকৰাঝাৰ সাহিত্য সভা ভৱনত দেওবাৰে ড° পৰেশ চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কোকৰাঝাৰ জিলা আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলনত উপস্থিত থাকি নেতাদ্বয়ে উক্ত মন্তব্য প্ৰকাশ কৰে । সাংবাদিকৰ এক প্ৰশ্নত্তোৰত প্ৰাক্তন আছু নেতা প্ৰবীণ বড়োৱে কয় যে নতুনকৈ গঠিত হ'ব লগা সংগঠনটো মুলত চাৰিটা উদ্দেশ্য লৈ গঠিত হ'ব ।
মানৱীয়তা সম্পৰ্ক গঢ়ি তোলা ,অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলা , ট্ৰাষ্ট গঠন কৰি অৰ্থনৈতিকভাৱে দুৰ্বল প্ৰাক্তন আছু কৰ্মীক সহায় কৰা আৰু জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটোৱেই হ'ব সংগঠনটোৰ মুল উদ্দেশ্য ।
সংগঠনটোৱে ৰাজনীতিৰ উৰ্ধত থাকিব যদিও সকলো ৰাজনৈতিক দিশ আলোচনা কৰা হ'ব বুলি মন্তব্য কৰি প্ৰবীণ বড়োৱে কয় যে আমি যদিও ৰাজনীতিৰ সতে জড়িত থকা ব্যক্তি তৎসত্বেও অৰাজনৈতিক চিন্তা-চৰ্চাৰে সংগঠনটোক আগুৱাই লৈ যাম । সংগঠনৰ পতাকা , সংবিধান সম্পূৰ্ণ আছুতকৈ পৃথক হব বুলিও মন্তব্য কৰিছে প্ৰবীণ বড়োৱে ।
ইপিনে প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায়ে কয় যে "প্ৰাক্তন আছুসকলৰ অন্তৰত বহু দুখ -বেদনা আছে । মূল সমস্যাৰ কোনো সমাধান নহ'ল , চুক্তিও ৰূপায়ন নহ'ল । পুনৰাই একগোট হৈ জাতিৰ স্বাৰ্থত কাম কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে । নতুনকৈ গঠন হ'বলগীয়া সংগঠনটো কোনো ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ হ'বলৈ দিয়া নহ'ব । ৰাজনৈতিক – অৰাজনৈতিক সকলো ক্ষেত্ৰতে প্ৰাক্তন আছুৰ প্ৰতিনিধিত্ব আছে । ৰাজনৈতিক ক্ষেত্ৰত ৫ শতাংশ প্ৰাক্তন আছু থকাৰ লগতে সকলো ক্ষেত্ৰতে প্ৰাক্তন আছু আছে" ।
লগতে কয় যে, গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অভিবৰ্তনৰ প্ৰস্তুতি চলি আছে আৰু উক্ত অভিবৰ্তনত আমি প্ৰাক্তন আছু হিমন্ত বিশ্ব শৰ্মা , সৰ্বানন্দ সোণোৱাল , প্ৰফুল্ল কুমাৰ মহন্ত আৰু বৃন্দাৱন গোস্বামীক মাতি আনি তেওঁলোকৰ পৰাও পৰামৰ্শ গ্ৰহণ কৰিম বুলি মন্তব্য কৰিছে প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায়ে ।
উল্লেখ্য যে আজি কোকৰাঝাৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা সভাতে ড° পৰেশ চন্দ্ৰ ৰায়ক কাৰ্যকাৰী সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে উদয় কুমাৰ বসুমতাৰীক লৈ প্ৰাক্তন আছুৰ সতীৰ্থ সন্মিলনৰ ৮৫জনীয়া কমিটি গঠন কৰা হয় । আজিৰ সভাত আছুৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ফণী পাঠক , কমলেশ ডেকা , নিৰঞ্জন নাথ , নজমুল হক , প্ৰদীপ ৰায় উপস্থিত থাকে ।
আৰু পঢ়ক: চাহ বাগিচাত উচ্ছেদ; চৰকাৰৰ হঠকাৰী সিদ্ধান্ত ধিক্কাৰ আছাৰ…