বিহালীৰ ২১ খন গাওঁ পঞ্চায়তৰ ৱাৰ্ড, আঞ্চলিক আৰু জিলা পৰিষদ সদস্য পদৰ মনোনয়ন পত্ৰ দাখিল

ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ তিনিতৰপীয়া পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত বিহালী বিধান সভা সমষ্টিৰ ২১ খন গাওঁ পঞ্চায়তৰ বিভিন্ন পদৰ বাবে মনোনয়ন দাখিল কৰে।

author-image
Asomiya Pratidin
New Update
বিহালীৰ ২১ খন গাওঁ পঞ্চায়তৰ ৱাৰ্ড, আঞ্চলিক আৰু জিলা পৰিষদ সদস্য পদৰ মনোনয়ন পত্ৰ দাখিল 

ডিজিটেল সংবাদ বিহালীঃ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ তিনিতৰপীয়া পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত বিহালী বিধান সভা সমষ্টিৰ ২১ খন গাওঁ পঞ্চায়তৰ বিভিন্ন পদৰ বাবে মনোনয়ন দাখিল কৰে।

Advertisment

সেই অনুসৰি বটিয়ামাৰী পঞ্চায়তৰ আঞ্চলিক সদস্য পদত এগৰাকী, নিজবিহালী আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি দল আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী, বৰালিমৰা আঞ্চলিক পঞ্চায়ত সদস্য অসম গণ পৰিষদ দলৰ এগৰাকী প্ৰাৰ্থী, চেৰেলীয়া আঞ্চলিক পঞ্চায়ত সদস্য পদত বি জে পি দলৰ এগৰাকী, ৰঙাগড় আঞ্চলিক পঞ্চায়ত সদস্য পদত বি জে পি দলৰ এগৰাকী, বিহমাৰী আঞ্চলিক পঞ্চায়ত সদস্য পদত বি জে পি দলৰ এগৰাকী, টকৌবাৰী আঞ্চলিক পঞ্চায়ত সদস্য পদত বি জে পি দলৰ এগৰাকী, টেলেঙ্গনীয়া আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি দলৰ এগৰাকী আৰু কংগ্ৰেছ দলৰ এগৰাকী, বৰগাং আঞ্চলিক পঞ্চায়ত সদস্য পদত বি জে পি দলৰ এগৰাকী আৰু  চি পি আই এম এল দলৰ এগৰাকী, গাংমৌথান আঞ্চলিক পঞ্চায়ত সদস্য পদত বি জে পি দলৰ এগৰাকী, কেঁ‌কুৰিজান আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি দলৰ এগৰাকী, বালিজান আঞ্চলিক পঞ্চায়ত সদস্য পদত বি জে পি দলৰ এগৰাকী আৰু নিৰ্দলীয় এগৰাকী, আমজাৰণি আঞ্চলিক পঞ্চায়ত সদস্য পদত বি জে পি দলৰ এগৰাকী আৰু নলনীবাৰী আঞ্চলিক পঞ্চায়ত সদস্য পদত বি জে পি দলৰ এগৰাকী আৰু চি পি আই এম এল দলৰ এগৰাকী বৰজাৰণি আঞ্চলিক পঞ্চায়ত সদস্য পদত বি জে পি দলৰ এগৰাকী আৰু কংগ্ৰেছ দলৰ এগৰাকী, ৰতোৱা আঞ্চলিক পঞ্চায়ত সদস্য পদত বি জে পি দলৰ এগৰাকী আৰু কংগ্ৰেছ দলৰ এগৰাকী, জিনজিয়া আঞ্চলিক পঞ্চায়ত সদস্য পদত অসম গণ পৰিষদ দলৰ এগৰাকী আৰু কংগ্ৰেছ দলৰ এগৰাকী, জৰাবাৰী আঞ্চলিক সদস্য পদত অসম গণ পৰিষদ দলৰ এগৰাকী আৰু কংগ্ৰেছ দলৰ এগৰাকী, মোনাবাৰী আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি দলৰ এগৰাকী, কংগ্ৰেছ দলৰ এগৰাকী আৰু নিৰ্দলীয় এগৰাকীয়ে আঞ্চলিক সদস্য পদত মনোনয়ন পত্ৰ দাখিল কৰে। 

আনহাতে জিলা পৰিষদ সদস্য পদৰ বাবে বাঘমৰা আসনখনত বি জে পিৰ এগৰাকী আৰু কংগ্ৰেছৰ এগৰাকী,  বৰগাং আসনখনৰ বাবে বি জে পিৰ এগৰাকী, কংগ্ৰেছৰ এগৰাকী আৰু নিৰ্দলীয় এগৰাকী, বুৰৈ আসনৰ বাবে কেৱল বি জে পিৰ প্ৰাৰ্থীয়েহে মনোনয়ন দাখিল কৰে আৰু নিজবিহালী জিলা পৰিষদ আসনখনৰ বাবে কংগ্ৰেছৰ এগৰাকী, বি জে পিৰ এগৰাকী আৰু নিৰ্দলীয় এগৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰে। 

সেই অনুসৰি বুৰৈ জিলা পৰিষদ আসনৰ প্ৰাৰ্থীগৰাকীৰ বিপৰীতে কোনো প্ৰতিদ্বন্দি নোহোৱাৰ লগতে আঞ্চলিক সদস্য পদত ৰঙাগড় পঞ্চায়ত,  চেৰেলীয়া পঞ্চায়ত,  গাংমৌথান পঞ্চায়ত,  টকৌবাৰী পঞ্চায়ত,  আমজাৰণি পঞ্চায়ত আৰু কেঁ‌কুৰিজান পঞ্চায়তৰ বি জে পি দলৰ প্ৰাৰ্থী কেইগৰাকীৰ কোনো প্ৰতিদ্বন্দি নাই বুলি তথ্যত প্ৰকাশ৷

তদুপৰি, গাংমৌথান পঞ্চায়তৰ ১২ গৰাকী ৱাৰ্ড সদস্যৰ ভিতৰত ৮ গৰাকী, চেৰেলীয়া পঞ্চায়তৰ ১৩ গৰাকীৰ ভিতৰত ৮ গৰাকী, টেলেঙ্গনীয়া পঞ্চায়তৰ ১৪ গৰাকীৰ ভিতৰত ৭ গৰাকী, বৰগাং পঞ্চায়তৰ ১৩ গৰাকীৰ ভিতৰত ৭ গৰাকী, ৰঙাগড় পঞ্চায়তৰ ১৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫ গৰাকী,  কেঁ‌কুৰিজান পঞ্চায়তৰ ১৪ গৰাকীৰ ভিতৰত ৭ গৰাকী, কাৰিবিল পঞ্চায়তৰ ১৯ গৰাকীৰ ভিতৰত এগৰাকী আৰু টকৌবাৰী পঞ্চায়তৰ ১৩ গৰাকী ৱাৰ্ড সদস্যৰ ভিতৰত ৭ গৰাকীৰ বিপৰীতে কোনেও প্ৰতিদ্বন্দিতা কৰা নাই বুলি বিহালী সমজিলা কাৰ্যালয়ৰ জনসংযোগ বিভাগৰ সূত্ৰত প্ৰকাশ৷ 

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত বিহালী বিধান সভা সমষ্টিৰ ২১ খন গাওঁ পঞ্চায়তৰ বিজেপি দলৰ দলীয় মনোনীত প্ৰাৰ্থীক সোঁ শৰীৰে উপস্থিত থাকি উৎসাহিত কৰি প্ৰাৰ্থীসকলক উদেশ্যি শুভেচ্ছামূলক বক্তব্য দাঙি ধৰা দেখা গ'ল শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই৷ 

পঞ্চায়ত নিৰ্বাচন বিহালী