/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁৱৰ হয়বৰগাঁৱত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী জব্দ । ধিং গেটৰ উৰণীয়া সেঁতুৰ সমীপৰ এটা গুদামৰ পৰা জব্দ কৰে আৰক্ষীয়ে। বেটাৰী, এ চিৰ তামৰ পাইপ, কাঁহ-পিতলৰ বাচন, বৈদ্যুতিক সামগ্ৰী জব্দ। দুষ্ট চক্ৰই চুৰি কৰি আনি মজুত ৰাখিছিল গুদামটোত।
জব্দকৃত চুৰি সামগ্ৰীখিনিৰ মূল্য কেইবা লক্ষাধিক টকা। আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলাই অভিযান । AS28AC 1688 নম্বৰৰ এখন মালবাহী বাহনো জব্দ কৰে আৰক্ষীয়ে ।
কচুৱাৰ চামচুল নামৰ এজন লোকে গুদামঘৰটো ভাড়ালৈ লৈ চলাই গৈছিল এই অবৈধ ব্যৱসায় । ঘটনা সন্দৰ্ভত দুজন ব্যক্তিক আটক আৰক্ষীৰ।অভিযুক্ত চামচুল সম্প্ৰতি পলাতক ।