/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/actor.jpg)
ডিজিটেল সংবাদ,নগাঁও : নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞাক আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷ নগাঁৱৰ ননৈৰ ভূঞাক আৰক্ষীয়ে আটক কৰি নগাঁও সদৰ থানাত সোধপোচ কৰি আছে ৷ আটকাধীন ভূঞাঁ "সভ্যতা" নামৰ আলোচনীখনিৰো সম্পাদক ৷
জানিব পৰা মতে নগাঁৱৰ ননৈৰ বিপ্লৱ জ্যোতি ভূঞাঁই সামাজিক মাধ্যমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ লিখা এক বিষয়ক লৈ আটক কৰিছে ৷ সামাজিক মাধ্যমত ভূঞাঁই মহাপুৰুষ জনাক লৈ এই বুলি লিখিছিল "শংকৰদেৱ ৷ এজাক কেলেহুৱাৰ বাবে সৰ্বগুণাকৰ ,এজাক অলগদ্ধৰ বাবে বিশ্ব গুৰু ,এপাল নোমটেঙৰৰ বাবে অধিবেশন পাতি ৰাজহুৱা ধন খাই গাহৰিৰ দৰে নোদোকা হোৱাৰ ৰাস্তা নিৰ্মাতা, এগোঁহালি বলদৰ বাবে সত্ৰ পাতি জনজাতিক শোষণ কৰা আৰু জাতিভেদৰ মদেল হোৱা, এদল খকুৱাৰ বাবে ক্ষমতা দখলৰ তুৰুপৰ তাচ হোৱা আৰু এমুঠিমান চিন্তাশীল অসমীয়াৰ বাবে , অসমৰ মানুহৰ বাবে এজন জননেতা হোৱা মানুহ শংকৰদেৱ আজি আপোনাৰ মৰণ দিৱসত মোৰ লালচালাম!
শংকৰগুৰু আপুনি মৰা দিনটোতে মই জন্মিছিলো, সেয়ে দেউতাই মোৰ নাম ৰাখিছিল শংকৰজিত যিটো এতিয়া চৰকাৰী নথিতহে আছে ৷ মই বিপ্লৱ জ্যোতি ভূঞা(পেন নেইম) ৷ মই নাটক কৰো আৰু শিকাওঁ মাজে মাজে ৷ মোৰ আজি ৫৩ বছৰ হৈ গ'ল ৷
বিঃদ্ৰঃ পোষ্টটোৰ দ্বাৰা শংকৰদেৱৰ একান্ত সেৱক সকলক আঘাত দিয়া বা শংকৰদেৱক অৱমাননা কৰাৰ কোনো উদ্দেশ্য নাই৷ একাংশকহে উদ্দেশ্য কৰি কোৱা হৈছে যিয়ে দীৰ্ঘদিন ধৰি শংকৰদেৱক নিজা স্বাৰ্থ পুৰনৰ বাবেহে ব্যৱহাৰ কৰি আহিছে, গুৰুজনাৰ আদৰ্শক প্ৰতিস্থা কৰাৰ বাবে একো কৰা নাই৷ শংকৰ গুৰুৰ একান্ত অনুগামী সকলক যদি অজানিতে দুখ দিছো তাৰ বাবে ক্ষমাপ্ৰাৰ্থী ৷ "
সামাজিক মাধ্যমত ভূঞাঁই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক লৈ এইদৰে লিখাৰ পিছত আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত নিজাকৈ এক গোচৰ ৰুজু কৰে ৷ এই গোচৰৰ ভিত্তিতে নগাঁও সদৰ থানাৰ আৰক্ষীয়ে আটক কৰে বিপ্লৱ জ্যোতি ভূঞাঁক ৷
আৰু পঢ়ক : মথুৰাপুৰৰ বিভিন্ন স্থানত উলহ মালহেৰে গনেশ চতুৰ্থী পালন…