শালনাত মৰা সাপ পুতিবলৈ গৈ হত্যাৰ বলি হ’ল কিশোৰ…

শালনাত মৰা সাপ পুতিবলৈ গৈ হত্যাৰ বলি হ’ল কিশোৰ…

author-image
asomiyapratidin
New Update
উৎকোচ লৈ গ্ৰেপ্তাৰ খাদ্য সুৰক্ষা বিষয়া…

ডিজিটেল সংবাদ নগাঁও : এডাল মৰা সাপ সমীপৰ বাৰীত পুতিবলৈ গৈয়ে হত্যাৰ বলি হ'বলগীয়া হয় এটি ১৫ বছৰীয়া কিশোৰ। এই ঘটনাটো নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত শালনা ডিজুভেলী ২৩ নং লাইনত। মঙ্গলবাৰে বিয়লি সংঘটিত হোৱা এই হত্যাকাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

শালনাৰ ডিজুভেলী ২৩ নং লাইনৰ নিবাসী আৰিয়ান কৰ্মকাৰ (১৫) নামৰ যুৱকজনৰ পৰিয়ালৰ লোকে দিনৰ প্ৰায় ২-৩০ বজাত সমীপৰ পাকৰা চিপছ ( ৪৬) নামৰ লোকজনৰ মাটিত এডাল মৰা সাপ পুতিবলৈ যোৱা অৱস্থাত এক কাজিয়াৰ সুত্ৰপাত ঘটে। কিছু সময়ৰ পাছত উক্ত কাজিয়াৰ মীমাংসা হয় যদিও পৰৱৰ্তী সময়ত পাকৰা চিপছ নামৰ লোক জনে আৰিয়ান কৰ্মকাৰ নামৰ কিশোৰজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷

ফলত আৰিয়ান কৰ্মকাৰ থিতাতে নিহত হয় ৷ স্থানীয় লোকে শালনা আৰক্ষী চকীত উক্ত ঘটনা সন্দৰ্ভত খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পাকৰা চিপছক আটক কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নিশা নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

assam NOGAON