নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন….

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন….

author-image
asomiyapratidin
New Update
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন….

ডিজিটেল সংবাদ নগাঁও : ১৮৬৫ চনৰ ১৭ নৱেম্বৰত নগাঁও চহৰত স্থাপন কৰা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ে বুধবাৰে ১৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতি তথা উন্নয়ন সমিতিৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা গংগাবল্লভ গোস্বামীয়ে।

Advertisment

ইয়াৰ পাচতে স্মৃতি তৰ্পন কৰে বিদ্যালয়খনৰ অধ্যক্ষা দীপিকা লস্কৰে। আনহাতে দিনৰ ১১ বজাত গংগা বল্লভ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু বিভিন্ন ন্যাসৰ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্র তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ গৌৰৱজ্জ্বোল ইতিহাস দোহাৰি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্র হিচাপে গৰ্বিত বুলি মন্তব্য কৰে ।

এসময়ত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ 'উদয়'ৰ সম্পাদকৰ দায়িত্ব বহন কৰা বিধায়ক শৰ্মাই আজি চলিত শিক্ষা বৰ্ষৰ 'উদয়'খন উন্মোচন কৰি পৰম সন্তোষ লাভ কৰা বুলিও মনৰ ভাব ব্যক্ত কৰে। উক্ত সভাত বিভিন্ন ন্যাসৰ বঁটা সমূহ প্ৰদান কৰা হয় । সভাত অধ্যক্ষা দীপিকা লস্কৰ,প্ৰাক্তন অধ্যক্ষ বিমল বৰা, অধিবক্তা কৃপাসিন্ধু অধিকাৰী প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি, ন্যাসসমূহৰ দাতাসকল, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী, ছাত্ৰ ,আভিভাৱক আৰু একাংশ প্ৰাক্তন ছাত্রই অংশগ্ৰহণ কৰে । সন্ধিয়া বিদ্যালয়খনৰ চৌহদত ১৫৬ গছি বন্তি প্ৰজ্বলন কৰাৰ লগতে বৰপেটাৰ আতচবাজি প্ৰদৰ্শন কৰা হয় ।