/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/national-voters-day.jpg)
ডিজিটেল সংবাদ নগাঁও : ৰাষ্ট্ৰীয় ভোটাৰ দিৱস-২০২২ উপলক্ষে নিৰ্বাচন আয়োগে এখনি সজাগতামূলক প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ নগাঁও জিলা উপায়ুক্ত নিৰ্সগ হিবৰে গৌতমে জনোৱা এক বিবৃত্তি অনুসৰি " মোৰ ভোট মোৰ ভবিষ্যত : এটা ভোটৰ শক্তি "( My Vote is my Future : Power of One Vote" শীৰ্ষক বিষয় হিচাপে লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে ৷ ৫ টা শাখাত প্ৰতিযোগিতাখনি অনুষ্ঠিত হব ৷
কুইজ , শ্লোগান , গীত , ভিডিঅ' নিৰ্মান , পোষ্টাৰ শাখাত হ'ব লগা প্ৰতিযোগিতাখনি ৩ তৰপীয়াকৈ অনুষ্ঠিত হ'ব ৷ এই ৩ তৰপ হৈছে শৈক্ষিক প্ৰতিষ্ঠান, পেচাদাৰী আৰু অপেচাদাৰী ৷ প্ৰতিটো তৰপত প্ৰথম , দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰ লগতে বিশেষ পুৰস্কাৰো থাকিব ৷ গীত প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ তিনি তৰপত ১ লাখ, ৫০ হাজাৰ আৰু ২০ হাজাৰ , ভিডিঅ' প্ৰতিযোগিতাৰ তিন তৰপত প্ৰথম পুৰস্কাৰ ২ লাখ , ৫০ হাজাৰ আৰু ৩০ হাজাৰ , পোষ্টাৰ প্ৰতিযোগিতাত তিনি তৰপত প্ৰথম পুৰস্কাৰ ৫০ হাজাৰ , ৩০ হাজাৰ আৰু ২০ হাজাৰ টকাৰে পুৰস্কৃত কৰিব ৷
ইয়াৰ বাহিৰেও দ্বিতীয় , তৃতীয় আৰু বিশেষ পুৰস্কাৰ আগবঢ়াব ৷ আন শাখা সমূহৰো পুৰস্কাৰ ঘোষনা কৰিছে নিৰ্বাচন আয়োগে ৷ ১৫ মাৰ্চৰ আগত ইচ্ছুক প্ৰতিযোগীয়ে প্ৰতিযোগিতাৰ বিষয় বস্তু জমা দিব লাগিব ৷ প্ৰতিযোগিসকলে প্ৰতিযোগিতাৰ বিষয়ে বহুল ভাবে জানিবলৈ নিৰ্বাচন আয়োগৰ ৱেবচাইটত গৈ অবগত হব পাৰিব ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us