/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6501e494-95da-40f4-a969-def8b45a83ce/DGP_office_assam.jpg)
ডিজিটেল ডেস্ক : নগাঁও জিলাৰ জিলা কাৰ্যবাহী বাহিনীৰ উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভালৈও হেডকোৱাৰ্টাৰ ক্ল'জৰ নিৰ্দেশ অসম আৰক্ষীৰ । অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ স্বাক্ষৰ সম্বলিত এক নিৰ্দেশনা পত্ৰযোগে শনিবাৰে প্ৰেৰণ কৰা এই নিৰ্দেশৰ পাছত নগাঁও জিলাৰ সবৰ্মুঠ ৫ গৰাকী আৰক্ষী বিষয়ালৈ হেডকোৱাৰ্টাৰ ক্ল'জ কৰা হ'ল । উল্লেখ্য যে, নগাঁও জিলাৰ আৰক্ষী বিষয়াসকলৰ বৃহৎ ৰদবদলৰ মাজতেই ৫ গৰাকী শীৰ্ষ বিষয়াও চামিল হোৱা পৰিলক্ষিত হ'ল ।
আনহাতে, আভাজ্যোতি ৰাভাসহ আন চাৰিগৰাকী বিষয়া এই নিৰ্দেশৰ পাছত উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত স্থানান্তৰিত কৰা হ'ল বিষয়াকেইগৰাকীক । এতিয়া এই হেডকোৱাৰ্টাৰ ক্ল'জ আৰু ৰদবদলে কি ইংগিত বহন কৰে সেইয়া হ'ব লক্ষণীয় ।
Also Read: সংবাদ মেলত কি ক'লে জি পি সিঙে...