নগাঁৱৰ চিকিৎসালয়ত কোনে বিক্ৰি কৰিলে শিশু ? ৩ বছৰীয়া পুত্ৰ সন্তানৰ দাম ৮ হাজাৰ, সন্ধানহীন ১০ বছৰীয়া কন্যা...

নগাঁৱত চৰকাৰী চিকিৎসালয়ত শিশু বিক্ৰি ৷ এটি তিনি বছৰীয়া পুত্ৰ সন্তান ৮ হাজাৰ টকাত বিক্ৰি হোৱাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ চিকিৎসালয়ত কোনে বিক্ৰি কৰিলে শিশু ? ৩ বছৰীয়া পুত্ৰ সন্তানৰ দাম ৮ হাজাৰ, সন্ধানহীন ১০ বছৰীয়া কন্যা...

ডিজিটেল সংবাদ নগাঁও : নগাঁৱত চৰকাৰী চিকিৎসালয়ত শিশু বিক্ৰি ৷ এটি তিনি বছৰীয়া পুত্ৰ সন্তান ৮ হাজাৰ টকাত বিক্ৰি হোৱাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ লগতে এটি কন্যা শিশু চিকিৎসালয় খনৰ পৰা সন্ধানহীন হোৱাৰ ঘটনাও সংঘটিত হৈছে চিকিৎসালয়খনত ৷

Advertisment

নগাঁও অসামৰিক চিকিৎসালয় চৌহদত সংঘটিত হৈছে শিশু বিক্ৰি কৰা ঘটনা ৷ চিকিৎসালয়খনৰ শৈল্য চিকিৎসা বিভাগৰ নাৰ্চে স্বীকাৰ কৰিছে তিনিবছৰীয়া পুত্ৰ সন্তানটো বিক্ৰি হোৱাৰ কথা ৷ জানিব পৰা মতে মঙ্গল বাৰে নগাঁও অসামৰিক চিকিৎসালয়ৰ শৈল্য চিকিৎসা বিভাগত এগৰাকী অগ্নিদগ্ধ মহিলাৰ সন্ধ্যা ৬-২০ বজাত মৃত্যু হৈছিল ৷ এই মহিলাগৰাকীৰে আছিল বিক্ৰি হোৱা পুত্ৰ সন্তানটি ৷

১১ আগষ্টৰ বিয়লি চিকিৎসালয়ত মহিলাগৰাকীক ভৰ্তি কৰোৱাৰ পিছত প্ৰায় এসপ্তাহৰ পিছতে পুত্ৰ সন্তানটি বিক্ৰি কৰি দিছিল এটেনডেন্টে ৷ চিকিৎসালয়ৰ নথিত কৰুনা নামত মহিলাগৰাকীক ভৰ্তি কৰাইছিল হাচেন আলি নামৰ এজন লোকে ৷ আদিবাসী মহিলাগৰাকী নগাঁৱৰ এটা ইটাভাটাত কৰ্মৰত আছিল ৷

সোমবাৰে মহিলাগৰাকীৰ মৃত্যুৰ আগমুহূৰ্তৰ পৰা দহবছৰীয়া কন্যা সন্তানটিও সন্ধানহীন হয় ৷ কন্যা সন্তানটি নোহোৱা হোৱাত হাহাকাৰ লাগিছে চিকিৎসালয়খনত ৷ চিকিৎসালয়খনত চিকিৎসাধীন মহিলাৰ সন্তানটি আগষ্ট মাহত বিক্ৰি হোৱা আৰু মঙ্গলবাৰে একেগৰাকী মহিলাৰ কন্যা সন্তানটি সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ইফালে মহিলাগৰাকীৰ মৃতদেহ মৰ্গত ৰখা হৈছে ৷ মৃতদেহ চমজি লবলৈ কোনো পৰিয়ালৰ লোক অহা নাই ৷ ইফালে কৰুনা নামৰ মহিলাগৰাকীক অগ্নিদগ্ধ হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হাচেন আলিৰো কোনো সন্ধান নাই ৷

assam NOGAON nogaoan civil