কোনে কৰিলে প্ৰবঞ্চনা? স্থায়ী মকৰলৰ আশাত প্ৰধানমন্ত্ৰী, মুখ্য ন্যায়াধীশলৈ প্ৰত্ৰ প্ৰেৰণ...

মিন্টু দাস অসহায় । তেতিয়াৰ জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিষয়া কৰ্মচাৰীৰ প্ৰবঞ্চনাৰ বলি হোৱা মিন্টু দাসে ৰোগীয়া মাতৃ, দুটি কনমানি সন্তানক লৈ আৰ্থিক সংকটত পৰিছে। মিন্টু দাসৰ অৰ্হতা থকাৰ পিছটো এতিয়া চৰকাৰী চাকৰি বিচাৰিবলৈ বয়সৰ উৰ্দ্ধসীমা অতিক্ৰম কৰিছে।

author-image
Asomiya Pratidin
New Update
 প্ৰবঞ্চিত মিন্টুৰ কাহিনী

প্ৰবঞ্চিত মিন্টুৰ কাহিনী

ডিজিটেল সংবাদ, নগাঁও: এটি সপোন, এটি আশা লৈ কাম কৰিছিল যুবকজনে । দিন ৰাতি একাকাৰ কৰিছিল। সকলোয়ে আশা দিছিল, কামটো হ'ব । 

Advertisment

দিন পাৰ হ’ল। লক্ষ্য আগত লৈ মাথো কাম কৰি গ’ল। সকলোয়ে কলে হ'ব হ'ব । হ'ব বুলি ক’লে আৰু উৎসাহেৰে আৰু কৰ্মত ব্ৰতি হয় যুৱকজন। সপোন , আশা কেতিয়া পূৰণ হব ? দেখিছে আনৰ হৈছে । যুবকজনৰহে হোৱা নাই। আকৌ সান্তনা এইবাৰ কিবা এটা হ'ব। 

 ২০০৬ চনৰ পৰা যুৱকজনে কাম কৰিছিল নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত ( পূৰ্বতে জিলা উপায়ুক্ত কাৰ্যালয় ) । অসমীয়া ডিটিপি কৰা লোকৰ অভাৱৰ হেতু মিণ্টু দাস নামৰ যুবকজনে ঠিকাভিত্তিত কামত লৈছিল উপায়ুক্ত কাৰ্যালয়ত । মৌখিকভাৱে কাম কৰা মিন্টুক সকলোয়ে কৈছিল ভালকৈ কাম কৰি থাকিলে কাৰ্যালয়টোত এদিন স্থায়ী পদত মকৰল হ'ব। 

এটা দিন আছিল, মিন্টু নহ'লে কাৰ্যালয়ৰ কম্পিউটাৰৰ কাম নচলিছিল। তেতিয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ (NIC), জিলা নিৰ্বাচন শাখা , দণ্ডাধীশ শাখা , , আৰ্থ-সামাজিক লোক গননা ২০১১ , ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী শাখা, ৰাষ্ট্ৰীয় শিশু সংহত প্ৰকল্পৰ অধীনত কম্পিউটাৰ অপাৰেটৰ/টেকনিকেল পাৰ্চন ৰূপে কাম কৰিছিল মিন্টুয়ে।  

২০১১ চনৰ নবেম্বৰত মাহিলী ৫০০০ হাজাৰ টকা পাৰিশ্ৰমিকত আৰ্থ সামাজিক লোকগননাত সহায় কৰিবৰ বাবে জৰিত হোৱাৰ এক নিৰ্দেশনা দিয়ে তেতিয়াৰ উপায়ুক্তই। লোকগণনাত নিয়োজিত কৰাৰ পিছত ৰাষ্ট্ৰীয় শিশু সংহত প্ৰকল্পত কাম কৰি থকাৰ পিছত ২০১৬ চনৰ ৩১ ডিচেম্বৰত ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ তেতিয়াৰ বিষয়াজনে মৌখিকভাবে মিন্টুক অব্যাহতি দিয়ে । অব্যাহতি দিয়াৰ পূৰ্বে উপায়ুক্ত কাৰ্যালয়ত নিয়ুক্তিৰ ব্যৱস্হা কৰা হৈছিল যদিও মিন্টু বঞ্চিত হব লগা হৈছিল । নিয়ুক্তিৰ সাক্ষাতকাৰত বহিবলৈ অধ্যয়নৰ সুবিধা নিদি একাংশ বিষয়াই নপঢ়াকৈ মিন্টুক চাকৰি দিয়াৰ প্ৰলোভন দিছিল । পৰবৰ্তী সময়ত মিন্টুৰ সপোন , আশা বাস্তৱ হোৱাত হেঙাৰ হোৱা দেখি ২০১৫ চনত দেশৰ প্ৰধান মন্ত্ৰীলৈ এক পত্ৰ লিখে । পত্ৰ লাভ কৰি প্ৰধান মন্ত্ৰী কাৰ্যালয়ে ৰাজ্য চৰকাৰৰে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । মিন্টু দাসে জনোৱা মতে ২০ বাৰ প্ৰধান  মন্ত্ৰী কাৰ্যালয়লৈ প্ৰত্ৰ প্ৰেৰণ কৰাৰ পিছত চাৰিবাৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যোগাযোগ কৰিছিল । 

প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশক ৰাজ্য চৰকাৰ , তেতিয়াৰ উপায়ুক্ত কাৰ্যালয়ে মান্যতা নিদিয়াত মিন্টুয়ে সমগ্ৰ ঘটনা বিবৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এক পত্ৰ প্ৰেৰন কৰে। এই পত্ৰৰ উত্তৰ অৱশ্যে বৰ্তমানলৈকে লাভ কৰা নাই মিন্টু দাসে । 

বৰ্তমান মিন্টু দাস অসহায় । তেতিয়াৰ জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিষয়া কৰ্মচাৰীৰ প্ৰবঞ্চনাৰ বলি হোৱা মিন্টু দাসে ৰোগীয়া মাতৃ, দুটি কনমানি সন্তানক লৈ আৰ্থিক সংকটত পৰিছে ।মাত্ৰ পাঁচ হাজাৰ টকাৰ মজুৰিৰে কাম কৰাৰ লগতে বিনা বেতনে পাঁচবছৰ কাম কৰা মিন্টু দাসৰ অৰ্হতা থকাৰ পিছটো এতিয়া চৰকাৰী চাকৰি বিচাৰিবলৈ বয়সৰ উৰ্দ্ধসীমা অতিক্ৰম কৰিছে । তথাপি মিন্টুৰ আশা, ন্যায় পাব।

assam govt job nogaon dc office govt job ASSAM job NOGAON