/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/dhakuakhana-no-man-5.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ই ভি এম বিসংগতিৰ মাজতে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখনা বিধানসভা সমষ্টিত বৃহস্পতিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে। পুৱাৰ পৰা প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰত সেৰেঙা উপস্থিতিৰ লগতে ঢকুৱাখনাৰ বহু ভোটদান কেন্দ্ৰত ই ভি এম বিকল হোৱাৰ অভিযোগ উত্থাপন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/dhakuakhana-no-man.jpg)
আমাৰ হাতত পৰা তথ্য অনুসৰি ঢকুৱাখনাৰ হাৰ্হি পঞ্চায়তৰ অন্তর্গত ৰুহা প্ৰাথমিক বিদ্যালয়ত থকা ভোটকেন্দ্ৰটোত পুৱা ৭ বজাৰ পৰা ৯ বজালৈ ই ভি এম বিকল হৈ থকাত কিছু হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় যদিও জিলা নিৰ্বাচনী বিষয়াৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/dhakuakhana-no-man-3.jpg)
একেদৰে মৰনৈ বেবেজীয়া পঞ্চায়তৰ বিদ্যালয়খনকে ধৰি ঢকুৱাখনা মজলীয়া বিদ্যালয়, ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু মালবাৰী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ইভিএমত বিসংগতি হোৱাৰ বাবে ভোটগ্ৰহণত খেলিমেলিৰ সৃষ্টি হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/dhakuakhana-no-man-21.jpg)
ইফালে ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত একাংশ বিজেপি নেতা পালিনেতাই ভোটকেন্দ্ৰৰ চৌহদত অৱস্থান কৰি ভোট দিবলৈ যোৱা একাংশ ভোটাৰক প্ৰলোভিত কৰিব বিচৰাৰ অভিযোগ উত্থাপন হোৱা পাছতে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ লগতে আৰক্ষী উপস্থিত হৈ বিজেপি দলৰ কৰ্মীসকলক খেদি পঠিয়ায়। শাসকীয় দলটোৰ এনে কাণ্ডক প্রধান বিৰোধী দল কংগ্ৰেছৰ লগতে সচেতন ঢকুৱাখনাৰ ৰাইজে একমুখে গৰিহণা দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/dhakuakhana-no-man-4.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us