/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল ডেস্ক: অসমৰ কৃষি খণ্ডৰ সামগ্ৰিক উত্তৰণ আৰু বিশেষকৈ কৃষি প্ৰযুক্তিৰ বহুল প্ৰয়োগেৰে অসমৰ কৃষি খণ্ডক এক সুকীয়া মাত্রা প্ৰদান কৰাত অগ্ৰণী ভূমিকা দায়িত্ব সহকাৰে পালন কৰি অহা কৃষি বিভাগৰ একাংশ কৰ্মচাৰীৰ আজি দুখ দুৰ্দশাৰ সীমা নোহোৱা হৈ পৰিছে।
কৃষি বিভাগৰ বি,তি, এম ,এ,তি, এম , ডি, পি,ডি-কে ধৰি "আঁতমা" আচনিখনত নিয়োজিত হৈ বিভাগটোৰ অন্যতম মেৰুদণ্ড ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা সকলো বিষয়া কৰ্মচাৰীয়ে যোৱা ডিচেম্বৰ মাহৰ পৰা আজিলৈকে তেখেতসকলৰ প্ৰাপ্য দৰমহা লাভ কৰা নাই।
প্ৰযুক্তিগত কৃষি সম্প্ৰসাৰণৰ উপৰিও ,প্ৰধান মন্ত্ৰী কিচান সন্মান নিধি,ফচল বীমা যোজনা,প্ৰধান মন্ত্ৰী কৃষি সিঞ্চয় যোজনা,গৰুখুটি প্ৰকল্প , অসম কৃষি বাণিজ্য ও গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প আদিৰ সফল ৰূপায়নত অতি সক্ৰিয় ভূমিকা পালন কৰি থকা এই দুৰ্ভগীয়া বিষয়া কৰ্মচাৰী সকলে অসম চৰকাৰৰ আন নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা কৰ্মকালীন সা সুবিধা লাভ কৰাটো বাদেই,আনকি প্ৰাপ্য মাহিলী দৰমহা খিনিও আজি সাত মাহ পৰ্যন্ত লাভ কৰা নাই।
এনে পৰিস্থিতিত ক্ষেত্ৰ ভিত্তিক কৰ্মত নিয়োজিত এই সকল বিষয়া কৰ্মচাৰীৰ আজি পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে।অতি পৰিতাপৰ কথা যে যি সময়ত অসমৰ উদ্যোগী তথা সদা গতিশীল মুখ্যমন্ত্রী গৰাকীয়ে চৰকাৰী কৰ্মচাৰীৰ দা দৰমহা নিয়মিত ভাৱে আদায় দি অহাৰ ব্যৱস্থা কৰি আহিছে,সেই সময়ত কৃষি বিভাগৰ এই সকল কৰ্মচাৰীয়ে সাত মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে।ভুক্তভোগী এই সকল বিষয়া কৰ্মচাৰীয়ে তেখেত সকলৰ এই দুৰ্দশাৰ পৰত অসমৰ মাননীয় মুখ্যমন্ত্রীগৰাকীৰ অবিলম্ব হস্তক্ষেপ অনিবাৰ্য হৈ পৰিছে।
আৰু পঢ়ক: অন্তঃসত্বা যুৱতীৰ ৰহস্যজনক মৃত্যু, আটক পত্নী সহ এজন…