/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/COVID-SPOT-GUWAHATI.jpg)
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা কোভিড আক্ৰান্ত ৰোগী ৫ দিন চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ পিছত ডিচচাৰ্জৰ সময়ত কৰা নহ'ব কোভিডৰ পৰীক্ষা। কোভিডৰ লক্ষণ নথকা কোভিড আক্ৰান্তক হাস্পাতালৰ পৰা ৰিলিজ দিয়াৰ সময়ত কৰা নহ'ব আৰ টি পি চি আৰ অথবা ৰেপিড এণ্টিজেন টেষ্ট।
হাস্পাতলৰ পৰা ৰিলিজ পোৱাৰ পিছত পৰৱৰ্তী দুটা দিন নিজা ঘৰত অতিৰিক্তভাৱে আইচ'লেশ্যনত থাকিব লাগিব। এই সময়ছোৱাত যদি কোভিডৰ লক্ষণ দেখা দিয়ে তেন্তে ১০৪ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব। দেশে কোভিডৰ তৃতীয় ঢৌৰ মাজেৰে আগবাঢ়ি থকাৰ সময়তে আই চি এম আৰে প্ৰকাশ কৰা সংশোধিত গাইড লাইন অনুসৰি অসম চৰকাৰেও কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে। এই গাইড লাইনতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে কোভিড আক্ৰান্তৰ ৰোগীৰ লগতে চিকিৎসা কৰ্মী আৰু হোম আইচ'লেশ্যনৰ ক্ষেত্ৰত নতুন নীতি-নিয়ম জাৰি কৰিছে।
এই সংশোধিত এছ অ' পিত স্বাস্থ্য বিভাগে আই চি এম আৰে শেহতীয়াকৈ প্ৰকাশ কৰা গাইড লাইন অনুসৰি কোভিড পৰীক্ষা কৰাৰ ক্ষেত্ৰত সকলো কোভিড প্ৰ'টকল অতি কঠোৰ ভাৱে পালন কৰিব লাগিব বুলি উল্লেখ কৰিছে। জৰুৰীকালীন সকলো চিকিৎসা কোভিড পৰীক্ষাৰ বাবে পলম হ'ব নোৱাৰিব বুলিও কৈছে।।
আনহাতে চিকিৎসাৰ বাবে হাস্পাতাললৈ যোৱা যিসকল লোকৰ দেহত কোভিডৰ লক্ষণ থাকে তেওঁলোকে কোভিড পৰীক্ষা কৰাটো বাঞ্চনীয় আৰু কোভিড পৰীক্ষাৰ ফলাফল লাভ নৰালৈকে তেওঁলোকে অপেক্ষা কৰিব লাগিব। ব্যক্তিগত আৰু চৰকাৰী সকলো চিকিৎসালয়তে এই নিৰ্দেশনা পালন কৰিব লাগিব।
আনহাতে চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তিসকলে কোভিডৰ বাবে ব্যৱহৃত সকলো সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিসকলে কোভিড ৰোগী হোম আইচলেশ্যনত থাকে তেওঁলোকক নিৰ্দিষ্ট সময়ৰ অন্তত ডিচচাৰ্জ কৰাৰ সময়ত কোভিড পৰীক্ষা কৰা নহ'ব।