ইন্টাৰনেট সেৱা বন্ধ : লোকচানত ছুইগী, জ’মেটো, ৰেপিড’, অ’লা চালক…

ইন্টাৰনেট সেৱা বন্ধ : লোকচানত ছুইগী, জ’মেটো, ৰেপিড’, অ’লা চালক…

author-image
asomiyapratidin
New Update
মণিপুৰত পুনৰ বৃদ্ধি কৰিলে ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা

ডিজিটেল সংবাদ : দেওবাৰে ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হয়। ৰাজ্যত প্ৰথমবাৰৰ বাবে ম'বাইল ইন্টাৰনেট সেৱা কৰ্তন কৰি চৰকাৰে অনুষ্ঠিত কৰিলে নিযুক্তি পৰীক্ষা। পুৱাৰ ভাগত ১০ বজাৰ পৰা ১২ বজালৈ পৰীক্ষা অনুষ্ঠিত হয়। আনহাতে দ্বিতীয় ভাগত ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হয় পৰীক্ষা।

চৰকাৰে ইন্টাৰনেট সেৱা কৰ্তন কৰি পৰীক্ষা অনুষ্ঠিত কৰিলে। কিন্তু দেওবাৰৰ দিনটোত চিকিৎসালয়, ছুইগী, জ'মেটো, ৰেপিড', অ'লা, উবেৰ চালক সকল বিশেষকৈ অনুবিধাৰ সন্মুখীন হয়। জীৱন-জীৱিকা, দৈনন্দিন কাম-কাজ স্তব্ধ হৈ পৰে। দেওবাৰৰ দিনটোৰ ৪ ঘন্টাৰ বাবে ইন্টাৰনেট বন্ধ হোৱাত ম'বাইল ইন্টাৰনেটক ভৰসা কৰি বিভিন্ন ব্যৱসায়, জীৱিকা উপাৰ্জন কৰা যুৱকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হয়।

এই কাৰ্যত ক্ষোভিত ছুইগী, জ'মেটো, ৰেপিড'ৰ যুৱক সকলে কয় যে 'ইন্টাৰনেট কাটি চৰকাৰে দুৰ্নীতি বন্ধ কৰিব নেকি? পৰীক্ষক সকলেই যদি প্ৰাৰ্থীক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেনেহ'লে তাতকৈ লাজৰ কথা কি আছে।' লগতে তেওঁলোকে কয় যে ম'বাইল ইন্টাৰনেট সেৱা কৰ্তন কৰি এটা দিন হাজিৰাৰ পৰা বঞ্চিত কৰিছে বহু যুৱকক। ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ম'বাইল ইন্টাৰনেট কৰ্তন কৰাৰ নিৰ্দেশে চৰকাৰখনৰ ব্যৰ্থতাকে সূচাইছে।

মুঠত ওপৰত দেওবাৰৰ দিনটোত চৰকাৰৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ইন্টানেট সেৱা কৰ্তন কৰাত যথেষ্ট অসুবিধা তথা লোকচানৰ সন্মুখীন হয় ছুইগী, জ'মেটো, ৰেপিড', অ'লা, উবেৰ চালক, ৰেষ্টুৰেন্ট আদি। লগতে চহৰখনৰ একাংশ লোকে বিমান বন্দৰ, চিকিৎসালয়লৈ অহা-যোৱাৰ বাবেও টেক্সি বুকিঙৰ পৰা বিৰত থাকিবলগীয়া হয়। তদুপৰি চিকিৎসালয়কে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত ডিজিটেল লেনদেন ব্যাহত হৈ পৰে।

assam himanta biswa sarma Assam police