/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/a8b8b16a-847c-4038-ab8f-40216cd3594e/mori_kolong_09.jpg)
morikolong morikolong
ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁৱৰ বিদ্যুৎ বিভাগৰ হেমাহিৰ লগতে মইমতালিৰ বাবে নগাঁও চহৰৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টাউন-মৰিকলং ২৪ নং ৱাৰ্ডৰ শতাধিক পৰিয়ালে যোৱা নিশা প্ৰায় ১১ বজাৰ পৰা আজি বিয়লি ৪:৩০ বজালৈকে টাউন- মৰিকলং চাৰিআলিৰ পৰা শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰ আৰু জ্যোতি নগৰৰ শতাধিক পৰিয়ালে যমৰ-যাঁতনা তথা উৎকত গৰমত দিন অতিবাহিত কৰিব লগাত পৰিছে ৷
উল্লেখ্য যে,কিছুদিনৰ পৰা টাউন মৰিকলংৰ জিলা বিজেপি কাৰ্যালয়ৰ সন্মুখতে অৱস্থিত এটি ট্ৰেন্সফৰ্মাৰৰ পৰা নিৰ্গত হৈ আছিল ট্ৰেন্সফৰ্মাৰ তেল ৷ কিন্ত বিদ্যুৎ বিভাগৰ কোনো দায়িত্বপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীৰ ট্ৰেন্সফৰ্মাৰৰ এই ঘটনাটো চকুত পৰা নাছিল ৷
হঠাতে যোৱা নিশা প্ৰায় ১১ বজাত ট্ৰেন্সফৰ্মাৰৰ পৰা অত্যাধীক তেল নিৰ্গত হোৱাত ট্ৰেন্সফৰ্মাৰটোৰ তেলৰ লগতে ধোৱা উলাবলৈ ধৰে আৰু নিশা ১১ বজাৰ পৰা ওৰেতো নিশাৰ লগতে আজি বিয়লি প্ৰায় ৪:৩০ বজালৈকে উৎকত গৰম আৰু নিশা অন্ধকাৰত দিন কটাব লগা হয় অঞ্চলবাসীয়ে ৷ পুৱাই পানী মটৰ নচলাৰ বাবে পুৱা নিত্য-নৈমিত্তীক কৰ্ম সমূহ সম্পাদন কৰাৰ লগতে কণকণ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আজি পুৱা ৷
আনহাতে,গৃহস্থিৰ গৃহিনী সকলেও পুৱাৰে পৰা চাহ জলপানৰ পৰা আদি কৰি দুপৰীয়া ভাত-পানী ৰন্ধা-বঢ়া কাম কাজ কৰাৰ ক্ষেত্ৰতো বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰে ৷ যিসকল গৃহস্থিৰ দমকল নাই সেইসকল গৃহস্থৰ কোনো কোনো পৰিয়ালে আনকি দোকানৰ পৰা ৪০-৬০ লিটাৰ খোৱা পানীৰ ড্ৰাম ক্ৰয় কৰি আনিও অত্যাৱশ্যকীয় কামকাজ সম্পাদন কৰিব লগাত পৰে ৷
অৱশ্যে,বিয়লি লৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বিশেষ তৎপৰতাত বিদ্যুৎ বিভাগে এটি উচ্চ ক্ষমতাসম্পন্ন ট্ৰান্সফৰ্মাৰৰ ব্যৱস্থা কৰাত টাউন-মৰিকলং এইসকল অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাই ৷ স্মতৰ্ব্য এয়ে যে নগাঁও বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ অকমন্যতা-দায়িত্ব জ্ঞানহিনতাৰ বাবেই যোৱা নিশা ১১ বজাৰ পৰা আজি বিয়লি প্ৰায় ৪:৩০ বজালৈ টাউন মৰিকলংবাসী ৰাইজে যমৰ-যাতনা ভুগ কৰিবলগীয়া হয় এই বিকল ট্ৰেন্সফৰ্মাৰটোৰ বাবে ৷ স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ এই তাৎক্ষণিক পদক্ষেপক অঞ্চলবাসীয়ে ধন্যবাদ জনাইছে ৷