ই-টেক্সবুক মুকলিঃ এতিয়াৰে পৰা পি ডি এফৰ জৰিয়তে ডাউনল'ড কৰিব পাৰিব পাঠ্যপুথি

 ই-টেক্সবুক মুকলিঃ এতিয়াৰে পৰা পি ডি এফৰ জৰিয়তে ডাউনল'ড কৰিব পাৰিব পাঠ্যপুথি

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা ৱেবছাইটত উপলব্ধ হ’ব পাঠ্যপুথি। ৱেবছাইটত উপলব্ধ হ’ব প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ পাঠ্যপুথি। ছাত্র-ছাত্রীয়ে পিডিএফ ফাইলৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব পাঠ্যপুথিসমূহ।

সমগ্র শিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয়ত উদ্বোধন কৰা হয় ই-টেক্সবুক। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে এই অনলাইন ব্যৱস্থা।

তিনিটাকৈ ৱেবছাইটৰ পৰা ছাত্র-ছাত্রীয়ে পিডিএফ ডাউনলোড কৰিব পাৰিব। শিক্ষাসেতু এপত এতিয়ালৈ প্রায় ৫৪ হাজাৰ প্রফাইল আপলোড কৰা হৈছে। ইয়াৰে ৪৫ হাজাৰখন চৰকাৰী বিদ্যালয়, ১০ হাজাৰখন কেন্দ্রীয় চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়।

শিক্ষাসেতু এপ ব্যৱহাৰৰ জৰিয়তে পাঠদান কৰাৰ বাবে চৰকাৰে দিব টেবলেট। ১৯টা ভাষাত প্রকাশ কৰা হৈছে পাঠ্যপুথি সমূহ। কিতাপসমূহ সহজলভ্য কৰাৰ বাবে ডিজিটেলকৰণৰ ব্যৱস্থা গ্রহণ কৰিছে শিক্ষাবিভাগে।

৪৭৫ খন কিতাপৰ পিডিএফ ডাউনলোড কৰাৰ সুবিধা পাব শিক্ষাৰ্থীয়ে। আজি মুকলি কৰা হয় ডিজিটেল পাঠ্যপুথিৰ এই পদ্ধতি।

ই-টেস্ক বুকৰ জৰিয়তে উপকৃত হ’ব ৰাজ্যৰ একাংশ শিক্ষাৰ্থী। ৪৭০ খন বিদ্যালয়লৈ প্রেৰণ কৰা হ’ব ডিজিটেল ডিভাইছ।

 ই-টেক্সবুক মুকলিঃ এতিয়াৰে পৰা পি ডি এফৰ জৰিয়তে ডাউনল'ড কৰিব পাৰিব পাঠ্যপুথি
হেমকোষৰ ব্ৰেইল সংস্কৰণৰ বিশ্ব ৰেকৰ্ড অসমৰ সংবাদ ক্ষেত্ৰৰ সামাজিক দায়বদ্ধতাৰ নিদৰ্শনঃ শচীন গগৈ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in