বিদায়ী ফাগুনক সৃষ্টিৰে ধৰি ৰখাৰ প্ৰয়াস...

গীত, চিত্ৰ, গল্পৰে এইবাৰে ফাগুনক বিশেষ কৰি তোলা আচুৰ্য বৰপাত্ৰ আৰু তেওঁৰ দলটোৱে প্ৰকৃতিৰ বিপৰীতে গৈ গীত আৰু অন্যান্য সৃষ্টিৰে ধৰি ৰাখিব বিচাৰিছে ফাগুনক।

author-image
Asomiya Pratidin
New Update
বিদায়ী ফাগুনক সৃষ্টিৰে ধৰি ৰখাৰ প্ৰয়াস...

ডিজিটেল ডেস্কঃ গীত, চিত্ৰ, গল্পৰে এইবাৰে ফাগুনক বিশেষ কৰি তোলা আচুৰ্য বৰপাত্ৰ আৰু তেওঁৰ দলটোৱে প্ৰকৃতিৰ বিপৰীতে গৈ সৃষ্টিৰে ধৰি ৰাখিব বিচাৰিছে ফাগুনক। অহা বাটেৰেই উভতি যোৱা ফাগুনক ধৰি ৰখাৰ চেষ্টা চলিছে গীত আৰু অন্যান্য শিল্প কৰ্মৰে। 

অচুৰ্য বৰপাত্ৰ আৰু পাপলু চেতীয়াৰ ফাগুনঃ এক সুৰীয়া বতা প্ৰকল্পৰ শেহতীয়া সংযোজন 'নিথৰ' তাৰেই উদাহৰণ। ফাগুনৰ ৰিব ৰিব বতাহৰ দৰেই সুৰীয়া নিথৰ শব্দৰে সজাইছে উদীয়মান গীতিকাৰ তথা অসমীয়া প্ৰতিদিন ডিজিটেলৰ সংবাদকৰ্মী ৰিম্পী গগৈয়ে। গীতটোৰ কম্পজাৰ অংশুৰাজ কাশ্যপ।

ফাগুনক লৈ আচুৰ্য বৰপাত্ৰ, পাপলু চেতীয়াহঁতৰ এই প্ৰকল্পই থোৰ মেলিছিল ২০২১ তে। তেওঁলোকৰ ভাষাত ফাগুনক আপুনি ভাল পাব পাৰে বা বেয়া পাব পাৰে, ফাগুনক নুই কৰিব নোৱাৰে। কাৰণ ফাগুনেই বাট কাটে সেউজীয়া বসন্তলৈ। ফাগুন এক যাত্ৰা, ফাগুন এক বিপ্লৱ, ফাগুন এজাক সুৰীয়া বতাহ। ফাগুনঃ এক সুৰীয়া বতাহ প্ৰকল্পৰ সৈতে জড়িতসকলৰ গাতো লাগিছে ফাগুনৰ সুৰীয়া বতাহ।

সেই সুৰীয়া বতাহজাকৰ স্পৰ্শত মতলীয়া হৈ পৰা ফাগুন বলীয়া এইসকলৰ মন এতিয়াও হৈ আছে উন্মনা। বিদায়ী ফাগুনৰ অনুপস্থিতিক পাহৰাই ৰখাৰেই যেন চেষ্টা এই প্ৰকল্পৰ অতি শেহতীয়া সংযোজন নিথৰ। এদিন পূৰ্বে আচুৰ্য বৰপাত্ৰৰ ইউটিউব চেনেলতে মুক্তি দিয়া নিথৰ ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছে এই প্ৰকল্পৰ পূৰ্বৰ গীত কেইটাৰ দৰেই।

গীতিকাৰ ৰিম্পী গগৈৰ আচুৰ্য বৰপাত্ৰৰ সৈতে এয়া দ্বিতীয়টো গীত। সেয়ে গীতটোক লৈ যথেষ্ট আশাবাদী ৰিম্পী। গীতটোক শ্ৰোতাই, ভিউৱাৰ্ছে মৰম দিলেই তেওঁৰ লগতে গীতটোৰ সৈতে জড়িত হৈ থকা সকলোৰেও আনন্দিত হব।

আচুৰ্য বৰপাত্ৰ ফাগুন