
ডিজিটেল ডেস্কঃ ইউটিউবাৰক পিষ্টলেৰে ভাবুকি দিয়া ঘটনাৰ ৰহস্য ফাদিল। ডিচিপি ইষ্টৰ কাৰ্যালয়ত হাজিৰ ব্যৱসায়ী নিৰ্মল দাস। ঘটনা সন্দৰ্ভত অভিযুক্ত নিৰ্মল দাসে স্পষ্টীকৰণ দিয়ে।
তেওঁ কয় যে, পকেটৰ পৰা ৰুমাল উলিয়াওতে মাটিত পৰিছিল মেগজিনটো। অনুজ্ঞাপত্র থকা পিষ্টলটো পকেটত ভৰাওতে দেখিছিল ইউটিবাৰে।সেই সময়তে ভিডিঅ’ কৰিছিল ইউটিবাৰে।
মই আচলতে ইউটিবাৰজনক পিষ্টল দেখুৱাই ভাবুকি দিয়া নাছিলো। চাবস্ক্ৰাইবাৰ বৃদ্ধিৰ বাবে ইউটিবাৰজনে ৰুজু কৰিছিল গোচৰ। ইউটিবাৰজনৰ বিৰুদ্ধে মানহানী গোচৰ দিয়াৰ কথা কয় নিৰ্মল দাসে।
উল্লেখ্য যে, এজন ইউটিউবাৰে এজাহাৰ দিছিল যে এজনলোকে তেওঁক হত্যাৰ চেষ্টা কৰিছিল। পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰিছিল ইউটিউবাৰ গৰাকীয়ে। তাৰ পাছতে মঙলবাৰে এই স্পষ্টীকৰণ দিয়ে ব্যৱসায়গৰাকীয়ে।