সুস্থ নিপন গোস্বামী, চাওক বিশিষ্ট অভিনেতাজনৰ শেহতীয়া PHOTO…

সুস্থ নিপন গোস্বামী, চাওক বিশিষ্ট অভিনেতাজনৰ শেহতীয়া PHOTO…

author-image
asomiyapratidin
New Update
সুস্থ নিপন গোস্বামী, চাওক বিশিষ্ট অভিনেতাজনৰ শেহতীয়া PHOTO…

ডিজিটেল ডেস্কঃ যোৱা শুকুৰবাৰে বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুৰ সন্দৰ্ভত ছচিয়েল মিডিয়াত একাংশ লোকে বিয়পাইছিল উৰাবাতৰি। কিছুদিনৰ পূৰ্বে চিকিৎসালয়ত ভৰ্তি হৈ বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ অভিনেতা গৰাকীক লৈ বিয়পোৱা এনে উৰাবাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল পৰিয়ালেও। নিপন গোস্বামীৰ পুত্ৰই শুকুৰবাৰে নিশা ফেচবুকৰ জৰিয়তে এই কাৰ্যত আক্ষেপ কৰি দুষ্ট চক্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ কথাও সদৰি কৰিছিল।

বৰ্তমান নিজা বাসগৃহত সম্পূৰ্ণ সুস্থভাৱে সময় পাৰ কৰা নিপন গোস্বামীয়ে কিছুদিনৰ পাছতে নিজৰ কামত হাত দিব বুলিও পুত্ৰ সিদ্ধাৰ্থ গোস্বামীয়ে জানিবলৈ দিছিল। চিকিৎসালয়ত সামান্য চাৰ্জাৰীৰ পাছত ঘৰতে সময় কটোৱা গোস্বামীৰ এখন ফটো শেহতীয়াকৈ ভাইৰেল হৈছে। হাঁহিমুখে আহাৰ গ্ৰহণ কৰি থকা গোস্বামীৰ এই ফটোখন-

উল্লেখ্য যে ফেচবুক, হোৱাটছ এপপত অভিনেতাজন মৃত্যু হোৱা বুলি খবৰ বিয়পাই বহুতে তেওক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছিল।