আজি দিনৰ ১১ বজাত সম্পন্ন হ'ব বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য

নিশা মহাতাৰকা জনৰ নশ্বৰ দেহ ৰখা হৈছিল জ্যোতি চিত্রবনত। তাতেই শেষ শ্রদ্ধা জ্ঞাপন বিভিন্ন ব্যক্তি, দল-সংগঠনে।

author-image
Asomiya Pratidin
New Update
আজি দিনৰ ১১ বজাত সম্পন্ন হ'ব বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য

nipan goswami

ডিজিটেল ডেস্ক: শুকুৰবাৰে সম্পন্ন হ’ব প্রয়াত নিপন গোস্বামীৰ অন্ত্যেষ্টিক্রিয়া। নিশা মহাতাৰকা জনৰ নশ্বৰ দেহ ৰখা হৈছিল জ্যোতি চিত্রবনত। তাতেই শেষ শ্রদ্ধা জ্ঞাপন বিভিন্ন ব্যক্তি, দল-সংগঠনে।

Advertisment

আজি পুৱা ৯ বজাত গোস্বামীদেৱৰ নশ্বৰ দেহ নিয়া হ’ব শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ, তাৰ পিছত দীঘলীপুখুৰী, ৰবীন্দ্র ভৱনলৈ নিয়া হ’ব নশ্বৰদেহ।

দিনৰ ১১ বজাত নৱগ্রহ শ্মশানত কৰা হ’ব শেষকৃত্য। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব নিপন গোস্বামীৰ।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত ইহলীলা সম্বৰণ কৰিছিল বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে। অভিনেতা গৰাকীৰ মৃত্যুক শোকৰ ছা পৰিছে সমগ্ৰ ৰাজ্যতে।

dead nipan goswami assam