নীলপৱন বৰুৱাৰ মৃত্যুত জাতীয় পৰিষদৰ শোক প্ৰকাশ...

বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত অসম জাতীয় পৰিষদ দলে গভীৰ শোক প্ৰকাশ কৰে
nilpaban baruah
nilpaban baruah

ডিজিটেল ডেস্ক, গুৱাহাটী : বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত অসম জাতীয় পৰিষদ দলে গভীৰ শোক প্ৰকাশ কৰে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক শোকবাৰ্তাত কয় যে শিল্পকলাৰ মাধ্যমেৰে অসমৰ সমাজ জীৱনক নতুন ৰঙেৰে সমৃদ্ধ কৰা বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ দেহাৱসানৰ খবৰ আমাৰ বাবে অনাকাঙ্খিত দুখৰ বতৰা ৷

এগৰাকী সৰল মনৰ নিভাঁজ অসমীয়া আছিল নীলপৱন বৰুৱা ৷ প্ৰেমিক হৃদয়ৰ নীলপৱন বৰুৱাৰ প্ৰিয় বিষয় আছিল মানুহ ৷ সদ্যপ্ৰয়াত নীলপৱন বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গগৈ আৰু ভূঞাই লগতে প্ৰয়াত শিল্পীগৰাকীৰ গুণমুগ্ধ, আত্মীয়-স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

আনহাতে, শুকুৰবাৰে সন্ধিয়াতে দলৰ এটা প্ৰতিনিধি গোটে প্ৰয়াত বৰুৱাৰ বেলতলাস্থিত বাসভৱনলৈ গৈ তেখেতলৈ অন্তিম শ্ৰদ্ধা নিৱেদন কৰে ৷ দলৰ হৈ উপ-সভাপতি পুতুলী কায়স্থ, সম্পাদক ৰাজু ফুকন আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে প্ৰয়াত শিল্পীগৰাকীৰ নশ্বৰ দেহত মাল্যাৰ্পন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in