জয়ন্ত বৰুৱাৰ স্কুটাৰখনক আপুনি পাহৰি গ’ল নেকি?

হয় ডাঙৰীয়া, আপোনাকেই কৈছো/ জয়ন্ত বৰুৱাৰ সেই স্কুটাৰখনক/ আপুনি পাহৰি গ’ল নেকি/ যিখনত উঠি আপুনি ৰাজনীতিৰ একা বেঁকা বাটেৰে/ আগবাঢ়ি গৈছিল!/তেতিয়া আপোনাৰ স্কুটাৰ এখনো নাছিল

author-image
Tushar Pratim
New Update
জয়ন্ত বৰুৱাৰ স্কুটাৰখনক আপুনি পাহৰি গ’ল নেকি?

- নীলিম কুমাৰ

Advertisment

 

হয় ডাঙৰীয়া, আপোনাকেই কৈছো

জয়ন্ত বৰুৱাৰ সেই স্কুটাৰখনক

আপুনি পাহৰি গ’ল নেকি-

যিখনত উঠি আপুনি ৰাজনীতিৰ একা বেঁকা বাটেৰে

আগবাঢ়ি গৈছিল!

 

তেতিয়া আপোনাৰ স্কুটাৰ এখনো নাছিল

জয়ন্ত বৰুৱাই আপোনাক

তেওঁৰ মৰমৰ স্কুটাৰখন

চলাবলৈ দিছিল।

আজি সেই স্কুটাৰখনৰ ওপৰতে

আপুনি প্ৰতিশোধ লোৱাৰ কথা

কিয় ক’লে ডাঙৰীয়া?

 

সেই স্কুটাৰখন এতিয়াও

জয়ন্ত বৰুৱাই ধুনীয়াকৈ সাঁচি থৈছে

স্মৃতিৰ পৃথিৱীত নহয়, বাস্তৱৰ পৃথিৱীতেই।

যিখন স্কুটাৰৰ বোকোচাত তেওঁ

‘সাদিন’ কাকতৰ টোপোলাবোৰ

বিলাই ফুৰিছিল!

 

সেই স্কুটাৰখনক তেওঁ অস্বীকাৰ কৰা নাই কোনোদিনে

অসন্মান কৰা নাই কোনোদিনে

সেই স্কুটাৰখনত উঠি জয়ন্ত বৰুৱাই

ৰাইজৰ বাৰাণ্ডাত থিয় দিছিল।

তেওঁ এতিয়া ৰাইজৰ মাজত আছে

মূৰ দাঙি

বিক্ৰী নোহোৱাকৈ

 

অৰু জয়ন্ত বৰুৱাৰ সেই স্কুটাৰখনতে উঠি

আপুনি যে কিমান দূৰ পালেগৈ

এতিয়াতো আপোনাৰ চৌদিশে

সেনা-সন্তৰী, এতিয়া আপোনাৰ

বিপুল ঐশ্চৰ্য, শক্তি সামৰ্থ

ক্ষমতা, তীব্ৰ বেগী গাড়ী

এতিয়া আপোনাৰ কেতিয়াও

মনত নপৰে সেই স্কুটাৰখনক

 

কেতিয়াবা আপোনাৰ চকুত পৰিলেও

আপুনি হয়তো কেৰাহিকৈ

নম্বৰটো চাই পাৰ হৈ যাব

AS-25-7320

এয়াতো আপোনাৰ অভ্যাস!

কিন্তু স্কুটাৰখনে ভাবিব-

ইমান খাই পাত ফলা মানুহজনেই এদিন

মোক চলাইছিলনে?

 

হয়, ডাঙৰীয়া

আপোনাকেই কৈছো

ইমান খাই পাত ফলা মানুহজনেই

এদিন চলাইছিল

জয়ন্ত বৰুৱাৰ সেই স্কুটাৰখন

 

আপুনি সেই স্কুটাৰখনৰ ওচৰতো

প্ৰমাণ কৰিলে নিজক!

 

জয়ন্ত বৰুৱা নীলিম কুমাৰ