প্ৰস্তুতি সম্পূৰ্ণঃ বুধবাৰৰ পৰা নিখিল ৰাভা সাহিত্য সভাৰ সোণালী জয়ন্তী কাৰ্যসূচী...

দ্বিতীয় মুকলি সভাৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব মন্ত্ৰী ৰণোজ পেগু, জয়ন্তমল্ল বৰুৱা,বিটিচি প্ৰধান প্ৰমোদ বড়ো আদিয়ে
প্ৰস্তুতি সম্পূৰ্ণঃ বুধবাৰৰ পৰা নিখিল ৰাভা সাহিত্য সভাৰ সোণালী জয়ন্তী কাৰ্যসূচী...

ডিজিটেল ডেস্কঃ নিখিল ৰাভা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বিশাল আয়োজন। অহা ২২ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাভা সাহিত্য সভা।

কামৰূপ জিলাৰ লোহাৰঘাট বগেজৰী সমন্বয় ক্ষেত্ৰত উদযাপন কৰা হ'ব ৰাভা সহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ। কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ সৌজন্যত আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া সভাত অংশগ্ৰহণ কৰিব ৰাজ্যৰ ভালেকেইগৰাকী বৰণ্য ব্যক্তিয়ে।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি এই অধিৱেশনৰ উদ্দেশ্য হ'ল ৰাভা ভাষাৰ সৰ্বাঙ্গীন উত্তৰণ হেতু অনাদৃতভাৱে অৱহেলিত হৈ থকা সম্ভাৱনাপূৰ্ণ নৱ-প্ৰজন্মৰ লেখকসকলৰ বৌদ্ধিক-মানসিক উৎকৰ্ষ সাধনৰ লগতে প্ৰেৰণা আৰু উদগনি যোগোৱা। আনহাতে ২২ ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱা দদান ৰজা মূল তোৰণ উদ্বোধন কৰিব কামৰূপৰ উপায়ুক্ত কিৰ্তি জল্লীয়ে।

কাৱাচিং ভোজনালয় উদ্বোধন কৰিব পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। অধিৱেশনৰ দ্বিতীয় দিনা ৰাতিপুৱা ১১ বজাত অনুষ্ঠিত হ'ব গ্ৰন্থ উন্মোচনী সভা। উক্ত সভাত সভাপতিত্ব কৰিব নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰসিংহ কোচে।

উন্মোচক হিচাপে উপস্থিত থাকিব প্ৰশান্ত ৰাজগুৰু, নিতুমণি শইকীয়া,বেদব্ৰত মিশ্ৰকে ধৰি ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি। ২৪ ফেব্ৰুৱাৰী তৃতীয় দিনা আবেলি ২ বজাত অনুষ্ঠিত হ'ব এখন আলোচনাচক্ৰ। ড০ উপেন্দ্ৰ ৰাভা হাকাচামৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া আলোচনাচক্ৰখনিত আলোচক হিচাপে অংশ ল'ব কমলাকান্ত মুছাহাৰী, ড০ অৰূপ কুমাৰ নাথ আৰু ডিম্বেশ্বৰ দলেয়ে।

২৫ ফেব্ৰুৱাৰীৰ দিনা দিনৰ ১ বজাত প্ৰথম মুকলি সভা উদ্বোধন কৰিব সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি দীপক পামে। উক্ত মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য হাজৰিকা। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,গোবিন্দ টাইড, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত,দেউৰী সাহিত্য সভাৰ সভাপতি ষড়ানন দেউৰী,ৰমেশ থাওচেন, দ্বীপেন্দ্ৰনাথ বৰদলৈ,সৰোজ চাংমা,পঙ্কজ ৰাভা,সুনীতা নকচেৰ,অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস আদিয়ে। সন্ধিয়া ৭ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব নাট্যকাৰ-পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসে।

অধিৱেশনৰ অন্তিম দিনা ২৬ ফেব্ৰুৱাৰী দেওবাৰে ৰাতিপুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই। দিনৰ ১ বজাত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় মুকলি সভাৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব মন্ত্ৰী ৰণোজ পেগু, জয়ন্তমল্ল বৰুৱা,বিটিচি প্ৰধান প্ৰমোদ বড়ো আদিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in