নৈশ বাছ 'ৰাঘৱ' ত যাত্ৰীৰ ৰূপত ৩৪ টা গো ধন

author-image
Asomiya Pratidin
New Update
নৈশ বাছ 'ৰাঘৱ' ত যাত্ৰীৰ ৰূপত ৩৪  টা গো ধন

ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰৰ মিছাত শনিবাৰে পুৱতি নিশা আৰক্ষীয়ে জব্দ কৰে গো ধন ভৰ্তি এখন নৈশ বাছ। এ এছ ০১ ডিচি ৪৪৪২ নম্বৰৰ ৰাঘৱ নামৰ নৈশ বাছখনৰ যাত্ৰীৰ আসন সমূহ আঁতৰাই সৰবৰাহ কৰা হৈছিল গো ধন। সৰবৰাহকাৰী চক্ৰটোৱে সৰবৰাহ কৰা গো ধনৰ সংখ্যা আছিল ৩৪ টা।

Advertisment

আৰক্ষীয়ে বাছ খন অনুসৰণ কৰাৰ উমান পাই পথৰ কাষতে বাহন খন ৰখাই চক্ৰটো পলায়ন কৰে বুলি আৰক্ষীয়ে জানিব দিয়ে। নগাঁও অভিমুখী ৰাঘৱ নামৰ নৈশ বাছ খনত গো ধন সৰবৰাহৰ কৰাৰ খবৰ আৰক্ষীয়ে লাভ কৰি অভিযান চলোৱাত গো ধন সহ বাহন খন জব্দ কৰিবলৈ সক্ষম হয় মিছা আৰক্ষী। জব্দ কৰা গো ধনসমূহ আৰক্ষীয়ে নগাঁও গো শালালৈ প্ৰেৰণ কৰে।

Kaliabar cattle seized assam Assam police