/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/silch.jpg)
ডিজিটেল সংবাদ, শিলচৰ: যোৱা ৩০ জুনত শিলচৰত গ্ৰেপ্তাৰ হোৱা ২৬ জন ৰোহিংগিয়াৰ তথ্য উদ্ঘাটন কৰিবলৈ বৃহস্পিতবাৰে শিলচৰত উপস্থিত হয় NIA ৰ তিনি জনীয়া এটি দল ৷ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ন্যায়িক জিম্মাত থকা প্ৰাপ্ত বয়স্ক বাৰ জন ৰোহিংগিয়াক জেৰা কৰিবলৈ আদালতৰ অনুমতি লৈ দলটোৱে শুকুৰবাৰে কাৰাগাৰলৈ যায় ৷ কাৰাগাৰত ৰোহিংগিয়া সকলক প্ৰায় দুঘন্টা জেৰা চলোৱা হৈছে বুলি জানিব পৰা গৈছে ৷
দুঘন্টা জেৰা কৰাৰ পিচত শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই যায় NIA ৰ তিনি জনীয়া দলটো ৷ অৱশ্যে, কি কি বিষয় লৈ জেৰা কৰা হৈছে সেয়া সদৰী কৰাৰ পৰা বিৰত আছে দলটো ৷ জেলৰ পৰা ওলোৱাৰ পিচত বাহিৰত ৰৈ থকা সাংবাদিকে বাৰ বাৰ প্ৰশ্ন কৰাৰ পিচতো কোনো তথ্যই সদৰী নকৰিলে NIA ৰ দলটোৱে ৷
ৰোহিংগিয়া সকলক জম্বু কাশ্মিৰৰ পৰা শিলচৰলৈ কোনে আনিলে আৰু গুৱাহাটীৰ পল্টন বজাৰৰ পৰা তিনিখন ইনোভা বাহনত ৰোহিংগিয়া সকলক শিলচৰলৈ অনাৰ ক্ষেত্ৰত কোনে মুখ্য ভুমিকা লৈছিল, এই তথ্য উলিৱাবলৈও জেৰা কৰা হৈছে বুলি অনুমান কৰা হৈছে৷