ৰোহিংগীয়া সৰবৰাহ কৰা বৃহৎ চক্ৰ NIA ৰ জালত…

ৰোহিংগীয়া সৰবৰাহ কৰা বৃহৎ চক্ৰ NIA ৰ জালত…

author-image
asomiyapratidin
New Update
ৰোহিংগীয়া সৰবৰাহ কৰা বৃহৎ চক্ৰ NIA ৰ জালত…

ডিজিটেল ডেস্ক: সুদুৰ ম্যানমাৰ পৰা বাংলাদেশ আৰু বাংলাদেশৰ পৰা ভাৰতলৈ ৰোহিংগীয়া সৰবৰাহ কৰা এক বৃহৎ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA. ৰোহিংগীয়া সক্ৰান্তীয় বাংগালুৰুত ৰুজু হোৱা এক গোচৰৰ তদন্ত কৰি NIA বেংগালুৰু, মেঘালয় আৰু কাছাৰ জিলাৰ পৰা মুঠ ছয় জন ৰোহিংগীয়া সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

Advertisment

যোৱা শুকুৰবাৰে প্ৰথমে বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৰোহিংগা সৰবৰাহৰ মাষ্টাৰ মাইণ্ড কুমকুম আহমেদ চৌধুৰী ওৰফে আশিকুল আহমেদ চৌধুৰীক ৷ কুমকুমক জেৰা কৰাৰ পিচতে পোহৰলৈ আহে ৰোহিংগীয়া সৰবৰাহ চক্ৰটোৰ সৈতে বৰাক উপত্যকাৰ সৈতে থকা সংযোগৰ তথ্য ৷

কুমকুমক জেৰা কৰাৰ পিচত গ'ম পোৱা যায় কাছাৰ জিলাৰ কাটিগৰাৰ আন চাৰিজন যুৱকৰ নাম ৷ কুমকুমৰ স্বীকাৰোক্তিৰ ভিত্তিত NIA ৰ এটা দল আহি কাটিগৰাৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ যায় কুমকুমৰ সহযোগী এই চাৰিজন যুৱকক ৷ NIA ৰ দলটোৱে গ্ৰেপ্তাৰ কৰি লৈ যোৱা যুৱক চাৰিজন হৈছে শ্বাহ আলম লস্কৰ, জামাল উদ্দিন চৌধুৰী,বাপন আহমদ চৌধুৰী,আলি আহমদ চৌধুৰী।

ইয়াৰে বাপন আহমদ চৌধুৰী আৰু আলি আহমদ চৌধুৰী ককাই ভাই বুলি জানিব পৰা গৈছে ৷ এওঁলোকৰ আটাইৰে ঘৰ কাটিগৰা সমষ্টিৰ খেলমা সপ্তম খণ্ডত ৷ ইতিমধ্যে কাটিগৰাৰ পৰা এই চাৰিজন যুৱকক গ্ৰেপ্তাৰ বিষয়টো নিশ্চিত কৰিছে কাছাৰৰ আৰক্ষী অধীক্ষক ৰমন দ্বীপ কৌৰে ৷

এই চাৰিজনৰ উপৰিও মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছৰ পৰা ওয়ানৰিয়াং ছুতিং নামৰ আন এজনকো গ্ৰেপ্তাৰ কৰিছে NIA ৰ দলটোৱে ৷ তদুপৰুি, গুৱাহাটীৰ পৰা দুগৰাকী ৰোহিংগীয়া যুৱতীকো উদ্ধাৰ কৰে NIA য়ে ৷

বাংলাদেশত আশ্ৰয় লোৱা ৰোহিংগা সকলক দালালৰ জৰিয়তে মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা সীমান্তৰে পাৰ কৰি অনা হয় অসমলৈ ৷ অসমৰ বিশেষকৈ বৰাকৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ স্থায়ী বাসিন্দা অৰ্থাৎ ভাৰতীয় নাগৰিক হিচাপে জাল নথি পত্ৰ ভোটাৰ পৰিচয় পত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাম কৰে ধৃত শ্বাহ আলম লস্কৰহতে ৷ ইয়াৰ পিচত ৰোহিংগীয়া সকলক ভাৰতৰ বিভিন্ন ৰাজ্যলৈ সৰবৰাহ কৰা হয় ৷

বিভিন্ন ৰাজ্যত নি ৰোহিংগীয়া সকলক বিভিন্ন কোম্পানীৰ কামত নিয়োজিত কৰা হয় ৷ এই কামত কুমকুম আহমেদ চৌধুৰীক সহায় কৰে কাছাৰৰ পৰা গ্ৰেপ্তাৰ এই চাৰিজন যুৱক আৰু মেঘালয়ৰ ওয়ানৰিয়াং ছুটিঙ আৰু তেওঁৰ অন্য সংগী সকলে৷

কাছাৰ, মেঘালয় আৰু পশ্চিমবঙ্গৰ বাংলাদেশ সীমান্তৰে ৰোহিংগীয়া সকলক ভাৰতত প্ৰৱেশ কৰাই দেশৰ বিভিন্ন ৰাজ্যলৈ সৰবৰাহ কৰি আহিছিল এই চক্ৰটোৱে ৷

ৰোহিংগীয়া সৰবৰাহকাৰী এই চক্ৰটোৰ নাম "কুমকুম ৰেকেটন" বুলি জানিব পৰা গৈছে ৷ এই ৰেকেটনৰ মূল মাষ্টাৰ মাইণ্ড বেঙ্গেলুৰুত গ্ৰেপ্তাৰ হোৱা কুমকুম চৌধুৰী ওৰফে আছিক আহমেদ চৌধুৰী৷

assam Silchar