দিলৱাৰ হুছেইন মজুমদাৰৰ মানৱ অধিকাৰ ভংগৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিজাববীয়া পদক্ষেপ

সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এক নিজাববীয়া পদক্ষেপ গ্ৰহণ কৰিছে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
দিলৱাৰ হুছেইন মজুমদাৰৰ মানৱ অধিকাৰ ভংগৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিজাববীয়া পদক্ষেপ

ডিজিটেল ডেস্কঃ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এক নিজাববীয়া পদক্ষেপ গ্ৰহণ কৰিছে। দিলৱাৰ হুছেইনক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত মানৱ অধিকাৰ ভংগৰ অভিযোগেৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ এক জাননী জাৰি  কৰিছে। এই জাননীৰ জৰিয়তে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অহা চাৰি সপ্তাহৰ ভিতৰত সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। 

Advertisment

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই সন্দৰ্ভত জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে ২০২৫ ৰ ২৫ মাৰ্চত গুৱাহাটীত ডিজিটেল নিউজ প'ৰ্টেলৰ এজন সাংবাদিকক পাণবজাৰ আৰক্ষীয়ে অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ সন্মুখত ধৰ্ণাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত পাণবজাৰ আৰক্ষীয়ে আটক কৰি ৰখাৰ সংবাদ মাধ্যমত প্ৰকাশিত এক খবৰৰ প্ৰতি মানৱ অধিকাৰ আয়োগ সচেতন হৈ পৰিছে।

খবৰ অনুসৰি সাংবাদিকগৰাকীয়ে বেংকটোৰ পৰিচালন সঞ্চালকক অভিযোগ উঠা আৰ্থিক অনিয়মৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিল যদিও তেওঁক আটক কৰাৰ সন্দৰ্ভত কোনো কাৰণ উল্লেখ কৰা নাছিল। আয়োগে লক্ষ্য কৰিছে এই বাতৰি যদি সঁচা হয় তেন্তে সাংবাদিকগৰাকীৰ মানৱ অধিকাৰ উলংঘন হৈছে।

অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰি চাৰি সপ্তাহৰ ভিতৰত বিষয়টোৰ সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জনাইছে। 

মানৱ অধিকাৰ আয়োগ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ অসম আৰক্ষী