নগাঁৱৰ ধূপগুৰিত আমীৰে শ্বৰীয়ত, আমীৰে নদুৱাতুত তামীৰ আলহাজ হজৰত মৌলানা ইউচুফ আলী…

নগাঁৱৰ ধূপগুৰিত আমীৰে শ্বৰীয়ত, আমীৰে নদুৱাতুত তামীৰ আলহাজ হজৰত মৌলানা ইউচুফ আলী…

author-image
asomiyapratidin
New Update
নগাঁৱৰ ধূপগুৰিত আমীৰে শ্বৰীয়ত, আমীৰে নদুৱাতুত তামীৰ আলহাজ হজৰত মৌলানা ইউচুফ আলী…

ডিজিটেল সংবাদ, বটদ্ৰৱা: ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধূপগুৰি আঞ্চলিক শ্বাহী জামে মছজিদত যোৱা ৫ এপ্ৰিলৰ পৰা পাচঁ দিনীয়াকৈ অনুষ্ঠিত হৈছে খানক্বায়ে জলিলীয়া তৈয়ীবিয়াহ অনুষ্ঠান।

য'ত বৃহস্পতিবাৰে উপস্থিত হৈছে ইছলাম ধৰ্মাৱলম্বীৰ বহুকেইজন ধৰ্মীয় গুৰুৰ লগতে উত্তৰ পূব ভাৰতৰ আমীৰে শ্বৰীয়ত, আমীৰে নদুৱাতুত তামীৰ আলহাজ হজৰত মৌলানা ইউচুফ আলী।

আধ্যাত্মিক সিদ্ধি লাভৰ উদ্দেশ্যেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা লোক সকলে ধূপগুৰিত উপস্থিত হৈ ইছলামিক পণ্ডিত সকলৰ লগত নিজৰ লগতে ৰাজ্যবাসীৰ বাবে নেদেখাজনৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে।

আৰু পঢ়ক: বৰপেটাৰ দেশভক্ত সমবায় সমিতিত বগা চাউলৰ ক'লা ব্যৱসায়…

nagaon assam