/asomiyapratidin/media/media_files/2024/11/14/WStONT8A8I9zqUX28mTV.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ সংবাদ ক্ষেত্ৰখনত একেৰাহে ত্ৰিশটা বছৰ অতিবাহিত কৰা 'অসমীয়া প্ৰতিদিন' কাকতৰ কচুৱাৰ জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলামক আজি "কপিলী সংবাদ সুৰুয" বঁটা প্ৰদান কৰা হয়।
কামপুৰৰ জে ডি পি নিউজৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু শিশু প্ৰতিভা বিকাশ মঞ্চ অসমে আয়োজন কৰা শিশু দিৱসত এই বঁটা প্ৰদান কৰা হয়। কামপুৰ স্বৰাজ ভৱনত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰে বিশিষ্ট নৃত্য শিল্পী বিপুল শৰ্মা, জেডিপি নিউজৰ পৰিচালন সঞ্চালক জ্যোতিপ্ৰসাদ বৰা,পুজাশ্ৰী বৰা আৰু বৰষাৰাণী বৰাই।
বঁটা গ্ৰহন কৰি সাংবাদিক বাহাৰুল ইছলামে দীৰ্ঘকাল ধৰি বৃহত্তৰ কচুৱাৰ বিভিন্ন গুৰুত্বপূৰ্ণ বা বাতৰি নিষ্ঠা আৰু সততাৰে বলিষ্ঠ ৰূপত পৰিবেশন কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সন্মান ৰক্ষা কৰি অহা বুলি মন্তব্য কৰে। বটাঁ লাভ কৰি সাংবাদিক বাহাৰুল ইছলামে অধিক উৎসাহিতবোধ এনে ধৰনৰ বটাঁ বাহনে নিজ কৰ্ম ক্ষেত্ৰত আৰু অধিক আগুৱাই যোৱাত সহায় কৰিব বুলি মন্তব্য কৰে ৷
এই অনুষ্ঠানতে অসমৰ কৃষক ৰাইজৰ কাৰণে কৰা ত্যাগ আৰু অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে সদায় মাত মাতি অহা যুৱ কৃষক নেতা তথা কৃষক মূক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাক 'জেডিপি নিউজ"ৰ তৰফৰ পৰা "কপিলী সমাজ ৰত্ন' বঁটাৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক শিশুক নৃত্য,গীত,চিত্ৰকলা কে আদি কৰি বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ বাবে বঁটা প্ৰদান কৰা হয়।
এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি জেডিপি নিউজৰ তৰফৰ পৰা বিনামূলীয়া স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়। এই শিবিৰত পৰামৰ্শদাতা হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক অৰূপ কুমাৰ নাথ।ইফালে কামপুৰ নিউজ নেটৱৰ্কৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে কমল কিৰণ গ্ৰন্থালয়ৰ উদ্যোগত আজিৰে পৰা চাৰিদিনীয়াকৈ এখনি উৎসৱ অনুষ্ঠিত হৈছে। গ্ৰন্থ উৎসৱৰ অন্যতম উদ্যোক্তা ৰাজু সমীৰনে আঁত ধৰা এই গ্ৰন্থ উৎসৱৰ দ্বাৰ উন্মোচন কৰে নগাওঁ জিলাৰ সাহিত্য সভাৰ সভাপতি থগিত মহন্তই।