বোকাখাত পৌৰসভাৰ নৱ নিৰ্বাচিত সমিতিৰ শপতগ্ৰহণ…

বোকাখাত পৌৰসভাৰ নৱ নিৰ্বাচিত সমিতিৰ শপতগ্ৰহণ…

author-image
asomiyapratidin
New Update
বোকাখাত পৌৰসভাৰ নৱ নিৰ্বাচিত সমিতিৰ শপতগ্ৰহণ…

ডিজিটেল সংবাদ, বোকাখাত: শুকুৰবাৰে বোকাখাত পৌৰসভাৰ নৱ নিৰ্বাচিত সমিতিয়ে আনুষ্ঠানিকভাৱে শপত গ্ৰহন কৰাৰ লগতে পৌৰ আইনৰ বিধিমতে পৌৰসভাৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

Advertisment

লক্ষ্যণীয়ভাৱে পূজা-পাৰ্বণেৰে অনুষ্ঠিত হোৱা বোকাখাত পৌৰসভাৰ শপতগ্ৰহণ অনুষ্ঠানত পৌৰপতি হিচাপে শপত বাক্য পাঠ কৰিলে অগপ দলৰ প্ৰাৰ্থী তথা ৯নং ৱাৰ্ডৰ পৰা জয় লাভ কৰা ৰত্নেশ্বৰ বৰুৱা ওৰফে পৱন বৰুৱাই।

বোকাখাত পৌৰসভা কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত শপতগ্ৰহণৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পদেন সদস্য হিচাপে উপস্থিত থাকে বোকাখাতৰ বিধায়ক তথা ৰাজ্যৰ জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা।

নৱ নিৰ্বাচিত পৌৰসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰোৱাই বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে।

উল্লেখযোগ্য যে বোকাখাত পৌৰসভাৰ পদেন সদস্য তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই শপত গ্ৰহণ কৰি নৱনিৰ্বাচিত পৌৰ সদস্য আৰু সদস্যা সকলক অভিনন্দন জনায়।

লগতে নৱগঠিত বোকাখাত পৌৰসভাই আগন্তুক দিনত বোকাখাতক এখন সৰ্বাংগ সুন্দৰ নগৰ হিচাপে গঢ়ি তোলা আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ গাত ভেজা দি বোকাখাতক এখন পৰ্যটন নগৰী হিচাপে গঢ়ি তোলাৰ লগতে এখন শক্তিশালী পৌৰসভা হিচাপে কাম কৰি যাব বুলি আশা ব্যক্ত কৰে।

শপতগ্ৰহণ অনুষ্ঠানটোত বিধায়ক অতুল বৰাৰ লগতে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, বোকাখাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া সৌভিক দত্ত, বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্য আকাশ ফুকন, অনিমেষ শইকীয়া, বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰা তথা প্ৰাক্তন পৌৰপতি সকল, পৌৰ এলেকাৰ বিশিষ্ট নাগৰিক, পৌৰসভাৰ সমূহ বিষয়া কৰ্মচাৰী আৰু বিভিন্ন দল, সংগঠনৰ নেতা কৰ্মীসকল।

আৰু পঢ়ক: নগাঁও উকীল সন্থাৰ সভাপতি আৰু সাধাৰন সম্পাদক নিৰ্বাচিত…

assam bokakhat