মিচিং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব হিচাবে যাদৱ পেগুক নিযুক্তি...

author-image
Asomiya Pratidin
New Update
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব হিচাবে যাদৱ পেগুক নিযুক্তি...

ডিজিটেল সংবাদ, ঢকুৱাখনা : মিচিং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব হিচাবে  মঙ্গলবাৰে যাদৱ পেগুৱে নিযুক্তি লাভ কৰি  কাৰ্যভাৰ গ্ৰহণ কৰিছে। পূৰ্বৰ প্ৰধান সচিব প্ৰফুল্ল চন্দ্ৰ দেউৰীয়ে ৩১ অক্টোবৰত অৱসৰ গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত উক্ত পদত দেউৰীয়ে নিযুক্তি লাভ কৰি কাৰ্যভাৰ গ্ৰহণ কৰিছে।

Advertisment

ধেমাজি জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত, ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু ধেমাজি গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক হিচাবে কৰ্মৰত দেউৰীয়ে অতিৰিক্ত ভাৱে এই দায়িত্ব গ্ৰহণ কৰিছে ।

মঙ্গলবাৰে আনুষ্ঠানিক ভাৱে কাৰ্যভাৰ গ্ৰহণ কৰা পেগুক মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল পেগু, বিশেষ কৰ্তব্যৰত বিষয়া ডা: অনিল কুমাৰ পেগু, পৰিষদৰ গৰিষ্ঠ সংখ্যক কাৰ্যবাহী সদস্য, বিষয়া কৰ্মচাৰীয়ে নৱ নিযুক্ত পেগুক নতুন কৰ্মথলীলৈ আদৰণি  জনায়।

assam dhakuakhana