/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0d590e27-dd4a-4819-9c82-8d50250a47f2/oioiob.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়া চাৰিআলি স্থিত বন্ধন বেংকৰ তৰফৰ পৰা অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল নৱবৰ্ষৰ ওলগ জনোৱা হয়। ডিমৌ চাৰিআলি স্থিত তথা ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বেবেজীয়াৰ জেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, বেবেজীয়া ডিমৌ গাওঁ পঞ্চায়তৰ কাৰ্যালয় সভাপতি দীঘন্ত নাথ আৰু বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ গগৈক বুধবাৰে বন্ধন বেংকৰ তৰফৰ পৰা ঘৰে ঘৰে গৈ এখনি ফুলাম গামোচা আৰু এখন ডায়েৰীয়ে নৱবৰ্ষৰ ওলগ জনায়।
লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। বেবেজীয়া বন্ধন বেংকৰ শাখা পৰিচালক নিৰঞ্জন বৰা আৰু তেখেতৰ বেংকৰ সহযোগী বিষয়া অতুল মাৰ্জিয়ে উক্ত ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ একোখনকৈ ফুলাম গামোচা আৰু ডায়েৰীয়ে ওলগ জনায়। উল্লেখযোগ্য যে বন্ধন বেংকৰ দ্বাৰা পৰিচালিত হৈ অহা ইতিমধ্যে অঞ্চলটোত বহু দৰিদ্ৰ মহিলাই উক্ত বেংকৰ পৰা ঋণ লৈ নিজৰ অভাৱ সমস্যা সমূহ দূৰ কৰাৰ লগতে এক অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিছে।
উল্লেখযোগ্য যে বন্ধন বেংকৰ পৰা ঋণ লৈ নিজৰ ল'ৰা-ছোৱালীক, পুত্ৰ-সন্তানক পঢ়োৱা লিখোৱাৰ লগতে ঘৰৰ উপাৰ্জনক্ষম ব্যক্তি জনক বিভিন্ন ক্ষেত্ৰত স্বাৱলম্বিতাৰে ব্যৱসায় বাণিজ্যিত আগবঢ়ি যাবলৈ এই ক্ষেত্ৰত বন্ধন বেংকৰ পৰা ঋণ লৈ অঞ্চলটোৰ মহিলাসকল যথেষ্ট উপকৃত হৈছে। বন্ধন বেংকৰ এই কাৰ্যত ৰাইজে বেংকৰ বিষয়াকে ধৰি সমূহ কৰ্মচাৰী সকলৰ প্ৰতি শলাগ লয়।
আৰু পঢ়ক: তপন শইকীয়ালৈ 'অসম বৈভৱ', মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে অসম সৌৰভ, অসম গৌৰৱ বঁটা...