SOP! অবৈধ কোৰবানী বন্ধ, আইন মানি সকলোৱে ৰক্ষা কৰিব পাৰিব পৰম্পৰা…

SOP! অবৈধ কোৰবানী বন্ধ, আইন মানি সকলোৱে ৰক্ষা কৰিব পাৰিব পৰম্পৰা…

author-image
asomiyapratidin
New Update
SOP! অবৈধ কোৰবানী বন্ধ,  আইন মানি সকলোৱে ৰক্ষা কৰিব পাৰিব পৰম্পৰা…

ডিজিটেল ডেস্ক: ৰাজ্যত চলি থকা কোৰবাণী বিতৰ্কৰ মাজতেই নতুন এছ অ পি জাৰি কৰিছে গৃহ বিভাগে। এই নিৰ্দেশনাত গৰু বা অন্য জন্তু কোৰবাণী দিয়াক লৈ বিশেষ কিছুমান কথা উল্লেখ কৰে।

Advertisment

গৃহ বিভাগে দিয়া নিৰ্দেশনা অনুসৰি অবৈধ হত্যা আৰু কোৰবাণী নিষিদ্ধ কৰা হৈছে। আইন মানি সকলোৱে নিজৰ পৰম্পৰা ৰক্ষা কৰিব পাৰি।

গৃহ বিভাগৰ পৰা জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকললৈ দিয়া নিৰ্দেশ অনুসৰি বকৰি ঈদৰ দিনা জীৱ-জন্তু সৰবৰাহ আইন মানি চলিব লাগিব। গৰু, উট ইত্যাদিৰ অবৈধ হত্যা আৰু কোৰবাণী বন্ধ ৰখাৰ নিৰ্দেশ।

সকলো ধৰণৰ কোৰবাণী চৰকাৰে বন্ধ কৰা নাই। ট্ৰান্সপোৰ্ট অফ এনিমেল ৰুলচ ভংগকাৰীৰ বিৰুদ্ধে নিৰ্দেশ দিছে গৃহ বিভাগে। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা নিৰ্দেশনা দিয়া হৈছে।

এই সন্দৰ্ভ মন্ত্ৰী কেশৱ মহন্তই কয় যে কোনো ধৰণৰ বিতৰ্কিত বিষয় হোৱা নাই। আইন মতে যি আগতে ব্যৱস্থা আছে সেয়াই হব। যি সমূহ বৈধ তেওঁলোকৰ লাইসেন্স আছেই।

আৰু পঢ়ক: শান্তিপূৰ্ণ ভাৱে ঈদ উদযাপনৰ আহ্বান ধুবুৰীৰ উপায়ুক্তৰ…

assam cow bakrid