/asomiyapratidin/media/media_files/2025/07/08/cccccccccc-2025-07-08-14-58-55.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ নিৱাসী অৱসৰী শিক্ষক পুষ্পকান্ত নাথৰ কথা, সুৰ আৰু কণ্ঠত “জীয়াই আছো বুকুত বান্ধি” শীৰ্ষক এটি আধুনিক গীত সোমবাৰে শুভ উন্মোচন কৰা হয়৷ পুষ্প কান্ত নাথৰ বাসগৃহত আয়োজন কৰা এই উন্মোচনী অনুষ্ঠানত গীতটোৰ শুভ উন্মোচন কৰে যুৱ কবি, শিক্ষক চন্দন ভূঞাই ৷
শিক্ষক সমাজকৰ্মী জয়ন্ত দাসে আঁতধৰা গীতৰ উন্মোচনী অনুষ্ঠানত জামুগুৰিহাটৰ কেইবাগৰাকী শৈক্ষিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰৰ আগশাৰী ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ গীতটোৰ সংগীত, শব্দৰ সংমিশ্ৰণ কৰে জামুগুৰিহাটৰ উদীয়মান সংগীত শিল্পী পাৰ্থ প্ৰিয়মে৷ মন কৰিবলগীয়া যে, পুষ্পকান্ত নাথে “জীয়াই আছো বুকত বান্ধি ” শীৰ্ষক গীতটোসহ ইতিমধ্যে তিনিটি গীত শ্ৰোতা ৰাইজৰ বাবে মুকলি কৰি দিছে৷ গীতটি শ্ৰোতাই আদৰি লব বুলি আশাবাদী পুষ্পকান্ত নাথ।