সচিবালয়ৰ কৰ্মচাৰীৰ বাবে বিশেষ ড্ৰেছ ক'ড...

সচিবালয়ৰ কৰ্মচাৰীৰ বাবে বিশেষ ড্ৰেছ ক'ড...

ডিজিটেল ডেস্ক : অসম সচিবালয় কৰ্মচাৰীলৈ মুখ্য সচিবৰ কঠোৰ নিৰ্দেশনা। সচিবালয়ৰ কৰ্মচাৰীয়ে পুৱা ৯.৩০ত উপস্থিত হ'ব লাগিব কাৰ্যালয়ত। আনহাতে, কৰ্মচাৰীসকলে বায়'মেট্ৰিক মেচিনত দিব লাগিব উপস্থিতিৰ প্ৰমাণ।

নিয়মীয়া বিষয়া-কৰ্মচাৰীৰ লগতে অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম। আনহাতে, সাজ-পোছাকক লৈও বিশেষ নিৰ্দেশনা জাৰি কৰিছে মুখ্য সচিবে।

সচিবালয়লৈ আহিব নোৱাৰিব জিনছ, লেগিনছ আদি পৰিধান কৰি। ফৰ্মেল আৰু পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিব লাগিব কৰ্মচাৰীয়ে। বিধানসভা অধিবেশনৰ সময়ছোৱাত সাংবাদিকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in