সদৌ অসম কৰ্মচাৰী পৰিষদৰ নতুন সমিতি গঠন…

সদৌ অসম কৰ্মচাৰী পৰিষদৰ নতুন সমিতি গঠন…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল ডেস্ক : সদৌ অসম কৰ্মচাৰী পৰিষদৰ নতুন সমিতি গঠন কৰা হয়। শিলচৰত আগন্তুক দুবছৰৰ বাবে নিৰ্বাচন কৰা হয় নতুন সমিতি। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধিৱেশনতেই ১০ জনীয়া সমিতি গঠন কৰা হয়। উল্লেখ্য যে পৰৱৰ্তী কাৰ্যকালৰ বাবে সভাপতি পদৰ বাবে নিৰ্বাচিত হয় দ্বিপেন শৰ্মা।

আনহাতে প্ৰধান সম্পাদকৰ পদক নিৰ্বাচিত হয় দিলীপ কলিতা। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নৱ নিৰ্বাচিত সমিতিৰ উপসভাপতি : শ্যামন্ত দাস, ৰুহুল আমিন, প্ৰদীপ ৰাজখোৱা, শৰত দাস। যুটীয়া সম্পাদকৰ পদত নিৰ্বাচিত হয় মনোজ লহকৰ, উৎপল দাস, পংকজ বৰ্মন আৰু প্ৰসন্ন বৰুৱা।

assam guwahati