অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতি গঠন

অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতি গঠন

author-image
asomiyapratidin
New Update
অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতি গঠন

ডিজিটেল সংবাদ,নগাঁও : ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিখন নতুনকৈ গঠন কৰা হৈছে ৷ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে তদৰ্থ ভিত্তিত নগাঁও জিলা সমিতিখন গঠন কৰিছে ৷ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক জগদীশ ভূঞাৰ স্বাক্ষৰিত এক নিৰ্দেশ যোগে তদৰ্থ ভিত্তিত নগাঁও জিলা সমিতিত ডা°;ধীৰেন বৰকাকতী , ডা° অজিত গোস্বামীক মুখ্য উপদেষ্টা পদত অধিস্হিত কৰা হৈছে ৷ লগতে অতুল মহন্ত আৰু পৱন শইকীয়াক উপদেষ্টা হিচাপে দায়িত্ব দিয়া হৈছে ৷ জিলা সভাপতি হিচাপে কলিয়াবৰৰ পুলিন হাজৰিকা , কাৰ্যকৰী সভাপতি জীতেন শৰ্মা, অনুপ লস্কৰ,কৃষ্ণ শইকীয়াক দায়িত্ব দিয়া হৈছে ৷

Advertisment

নতুন সমিতি খনৰ সম্পাদক চন্দ্ৰ মোহন বৰা ৷ এই সমিতিত উপ সভাপতি ৯ জনক, যুটীয়া সম্পাদক ৮ , সাংগাঠনিক সম্পাদক ১১, প্ৰচাৰ আৰু তথ্য প্ৰয়ুক্তি সম্পাদক ২ আৰু কাৰ্যনিবাহকৰ সদস্য হিচাপে ২৫ জনক ৰখা হৈছে ৷ সাধাৰন সম্পাদক ভূঞাৰ স্বাক্ষৰিত অধিসূচনা অনুসৰি তদৰ্থ সমিতিক তাৎক্ষণিক ভাবে দায়িত্ব গ্ৰহণ কৰিবলৈ কোৱা হৈছে ৷ জিলা অধিবেশনত পূৰ্ণাঙ্গ সমিতি গঠন নকৰালৈকে এই তদৰ্থ সমিতিখনে নগাঁৱত কাম কাজ পৰিচালনা কৰিব ৷

আৰু পঢ়ক : মূল্যবান খনিজ সম্পদ এক্সপ'ৰ্টেৰে দিছপুৰ-ডিফু চৰকাৰে ৬০-৪০ শতাংশকৈ ভগাই ল'ব ধন…

assam NOGAON AJP