/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/basugaon-4.jpg)
ডিজিটেল সংবাদ চিৰাং: কিছুদিন বিৰতিৰ পিছত চিৰাঙৰ বাসুগাঁও চহৰত পুনৰ নতুনকৈ কোৰোনা ভাইৰাচৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । যোৱা দুটা দিনত একেটা পৰিয়ালৰ দুগৰাকীকৈ মহিলা মহামাৰী কোৰোনা ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হৈছে । তাৰে এগৰাকী মহিলা সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজত ভৰ্তি হৈ আছে ।
শুকুৰবাৰে দিনটোত বাসুগাঁও চহৰত নতুনকৈ কোৰোনা আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পিছত জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ সতৰ্কতা অবলম্বন কৰা পৰিলক্ষিত হয় । শনিবাৰে বাসুগাঁও চহৰৰ তিনি নং ওৱাৰ্ডৰ আক্ৰান্ত পৰিয়ালৰ সদস্য সকলৰ কোভিড পৰীক্ষা কৰে । পৰীক্ষাৰ অন্তত নতুন আন এগৰাকী মহিলা কোৰোনা ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় । তাৰ পিছত তাৎক্ষনিক ভাবে পৰিয়ালক ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়ে ।
উল্লেখ্য যে পৰিয়ালটোৱে পুৱাৰে পৰা তেওঁলোকৰ ব্যবসায় প্ৰতিষ্ঠান নিজাববীয়াকৈ বন্ধ ৰাখিছে । বাসুগাঁও চহৰত নতুনকৈ কোৰোনা ভাইৰাচৰ সংক্ৰমনৰ ঘটনা পোহৰলৈ অহাৰ পিছত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ পৰা সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে।