/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mathurapur-25.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ সোনাৰি শিক্ষা খণ্ডৰ অন্তৰ্গত "মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়"ৰ এটি নৱ নিৰ্মিত ভৱন বৃহস্পতিবাৰে অনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । প্ৰায় ৫ লাখ টকা আৱন্টিত পুঁজিৰে ৫ লাখ টকাৰে নিৰ্মিত এই ভৱনটো উদ্বোধন কৰে বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক প্ৰণৱ গগৈয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/b8773063-56c0-4baf-a515-98721f6a29d5-1024x576.jpg)
অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়ৰ পৰিচালনা সমিতি সভাপতি সুনীল দাসে । এই উপলক্ষত বিদ্যালয়ত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত সভাপতিত্ব কৰে ৰাধু চৌধুৰীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/04a1a92b-9a3a-4599-89c4-1f0c65215481-1024x576.jpg)
প্ৰধান শিক্ষক ব্ৰজেন চাংমাইয়ে আঁত ধৰা অনুষ্ঠানত মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক দিপাংকৰ চেতিয়া,সমাজকৰ্মী প্ৰদীপ গগৈ,মুনিন ৰাজকোঁৱৰ আৰু সংবাদকৰ্মী প্ৰণৱ বৰগোহাঁই উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us