/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jishnu-baruah.jpg)
ডিজিটেল ডেস্ক : বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ উত্তৰাধিকাৰী হব বৰ্তমান অতিৰিক্ত মুখ্য সচিব ৰূপে কৰ্মৰত পৱন বৰঠাকুৰ। আনহাতে, অহা ৩১ আগষ্টত মুখ্য সচিবৰ কাৰ্যকাল অন্ত পৰিলেও বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অতিৰিক্তভাৱে দায়িত্ব পালন কৰি থকা এ.প্.ডি.চি.এলৰ অধ্যক্ষ হিচাপে অহা দুটা বছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰি যাব।
বৃহস্পতিবাৰে ৰাজভৱনে জাৰি কৰা জাননিযোগে এই কথা সদৰি কৰা হৈছে। উল্লেখযোগ্য যে ট্ৰান্সফৰমেছন, ডেভেলপমেন্ট আৰু সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি থকা পৱন বৰঠাকুৰক এতিয়াৰ পৰাই মুখ্য সচিব কাৰ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপেও অতিৰিক্ত দায়িত্ব অৰ্পন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/paban-629x1024.jpg)
এই দায়িত্বত থকা কালতে অহা ৩১ আগষ্ট তাৰিখে জিষ্ণু বৰুৱাৰ মুখ্য সচিব হিচাপে কাৰ্যকাল অন্ত পৰাৰ লগে লগে পৱন বৰঠাকুৰে এই দায়িত্ব গ্ৰহণ কৰিব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে।
আৰু পঢ়ক : মুকলি হ'ব ১০০০ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, পলাশবাৰীত কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী অজন্তা নেওগৰ…