/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/725e9cad-6f19-4451-9bdb-0d8573dfcbe5/neufc.jpg)
ডিজিটেল ডেস্ক : আজি সৰুসজাইত সমুখ সমৰত নৰ্থ-ইষ্ট ইউনাইটেড আৰু হায়দাৰাবাদ এফ ছি । ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা জনপ্ৰিয় ফুটবল লীগ আই এছ এলৰ তালিকাত হায়দাৰাবাদ এফ ছি আছে ৬ নং স্থানত আৰু নৰ্থ-ইষ্ট ইউনাইটেড আছে ১০ম স্থানত । ইয়াৰ পূৰ্বে হায়দাৰাবাদ এফ ছিয়ে এখন খেল ড্ৰ' খেলাৰ পৰিৱৰ্তে প্ৰথম খেলখনত পৰাস্ত হৈছিল নৰ্থ-ইষ্ট ইউনাইটেড ।
এইবাৰৰ আই এছ এল লীগত নৰ্থ-ইষ্ট দলত স্থান লাভ কৰিছে অসমৰ ৫ জনকৈ উদীয়মান খেলুৱৈ ক্ৰমে গৌৰৱ বৰা, নিখিল ডেকা, প্ৰজ্ঞান গগৈ, দিপু মিৰ্ধা আৰু পাৰ্থিব গগৈয়ে । তেনেস্থলত বৃহস্পতিবাৰে সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া খেলখনক লৈ উৎসাহিত ৰাজ্যখনৰ প্ৰতি গৰাকী ক্ৰীড়াপ্ৰেমী ।
উল্লেখ্য যে, খেলৰ পূৰ্বে ইতিমধ্যেই দুয়োটা দলৰ খেলুৱৈ সকলক অনুশীলনত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ।