৭৭ বছৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ দেহৰ অৱশিষ্টাংশ ক’ত সংৰক্ষিত হৈ আছে?…

৭৭ বছৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ দেহৰ অৱশিষ্টাংশ ক’ত সংৰক্ষিত হৈ আছে?…

author-image
asomiyapratidin
New Update
৭৭ বছৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ দেহৰ অৱশিষ্টাংশ ক’ত সংৰক্ষিত হৈ আছে?…

ডিজিটেল ডেস্ক : ১৯৪৫ চনৰ ১৮ আগষ্টত এক বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ভাৰতৰ স্বাধীনতাৰ হকে যুঁজ দিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ দেহৰ অৱশিষ্টাংশ ভাৰতলৈ ঘূৰাই আনিবলৈ আহ্বান কন্যা অনিতা বসু ফাফৰ। ট'কিঅ'ৰ এটা হিন্দু মন্দিৰত নেতাজী সুভাষ চন্দ্ৰৰ দেহৰ অৱশিষ্টাংশ অজিৰ পৰ্যন্ত সজতনে ৰখা হৈছে বুলি জানিবলৈ দিলে নেতাজীৰ কন্যা অনিতাই।

Advertisment

১৯৪৫ চনৰ ১৮ আগষ্টত যেতিয়া এক বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু হৈছিল তেতিয়া জাপানৰ সেনাই দুৰ্ঘটনাত বিভক্ত হোৱা নেতাজীৰ দেহৰ অৱশিষ্টাংশ আনি ট'কিঅ'ৰ ৰেনকাজী হিন্দু মন্দিৰত সংৰক্ষণ কৰি ৰাখিছিল। নেতাজীৰ মৃত্যুৰ ৭৭ বছৰ আৰু দেশ স্বাধীনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাত নেতাজীৰ কন্যা অনিতাই পিতৃৰ দেশৰ সেই অৱশিষ্টাংশ নিজ দেশলৈ ঘূৰাই অনাৰ বাবে আহ্বান জনাইছে।

দেশৰ বাবে নেতাজীয়ে জীৱন উচৰ্গা কৰিছিল আৰু সেই দেশতে তেওঁৰ দেহৰ অৱশিষ্টাংশ থকাটো উচিত বুলি তেওঁৰ কন্যাই ব্যক্ত কৰে। এই ক্ষেত্ৰত জাপান চৰকাৰৰ কোনো আপত্তি নথকাৰ কথাও ব্যক্ত কৰে অনিতাই। দেশৰ চৰকাৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। নেতাজীৰ ৭৯ বছৰীয়া কন্যা অনিতা বসু ফাফৰ জাৰ্মানীৰ বাসিন্দা। দেশ স্বাধীনৰ ৭৫ বছৰ সম্পূৰ্ণ হল। সেই হেতুকে নিজৰ পিতৃৰ অৱশিষ্টাংশ নিজ দেশলৈ লৈ অনাৰ কথা ব্যক্ত কৰে তেওঁ।

আৰু পঢ়ক : লামডিঙত ৭৬তম স্বাধীনতা দিৱস উলহ মালহৰে উদযাপন

netaji india himanta biswa sarma bjp